Turmeric Health Benefits:দৈনিক কি দৰে হালধি খালে বৃদ্ধি হ’ব হজমশক্তি

1637938466 new project 2021 11 26t195820 234 1 1

শীতকালত, শৰীৰৰ বিপাকৰ হাৰ সামান্য হ্ৰাস হোৱাৰ লগতে হজম শক্তিও হ্ৰাস হয়। সেয়ে পেটৰ বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হয়। চিকিৎসকসকলে এই সময়ত সেয়ে অলপ নিৰীক্ষণ কৰি খোৱা বোৱা কৰিবলৈ পৰামৰ্শ দিয়ে।

যদি আপুনি হজমশক্তি বৃদ্ধি কৰাৰ উপায় বিচাৰি আছে তেন্তে ইয়াৰ উত্তম উপাদান হৈছে হালধি।

হালধি হৈছে এনে এক উপাদান যাৰ বহুতো বেক্টেৰিয়া-ৰোধী গুণ আছে। হালধিৰ শৰীৰৰ সকলো প্ৰদাহ হ্ৰাস কৰাৰ ক্ষমতাও আছে।

স্বাস্থ্যৱান হৈ থকাত হালধি অতি সহায়ক। কিন্তু এই উপাদানটো খোৱাটোৱে প্ৰকৃততে কেনেকৈ আটাইতকৈ বেছি লাভান্বিত জানেনে ?

বহুতোলোকে তুলসী-হালধিৰ স’তে চাহ খাবলৈ পছন্দ কৰে। বহুলোকে গাখীৰত নিয়মীয়াকৈ হালধি খায় ভাল পায়। কিন্তু হালধি খোৱাটোৱে হজম কেনেদৰে বৃদ্ধি কৰিব? বিশেষজ্ঞসকলে কয় যে কেঁচা হালধি তিয়াই খালে আটাইতকৈ লাভজনক হয়।

হালধি কেনেদৰে তিয়াই খাব?

বিশুদ্ধ পানীত হালধীয়াখিনি তিয়াওক। সেই পানীত নেমুৰ ৰস, হিমালয়ান পিংক নিমখ, তুলসী পাত আৰু আদা যোগ দিয়ক। হালধি কমেও তিনি দিনৰ বাবে বতাহ নোপোৱা এটা বাটিত তিয়াই ৰাখক। তাৰ পাছত এই হালধিটো প্ৰতিদিনে এটা টুকুৰাত কাটি এনেধৰণৰ মিশ্ৰণ তৈয়াৰ কৰক।এনেদৰে সেৱন কৰিলে আপুনি দেখিব যে শীতকালৰ পেটৰ সমস্যাবোৰ কম সময়ৰ ভিতৰতে আঁতৰ হৈছে।

Exit mobile version