ডিচেম্বৰ মাহৰ ভিতৰতে ঘোষণা হব টেট’ পৰীক্ষাৰ ফলাফল : শিক্ষামন্ত্ৰী

শিক্ষকে আন্দোলন কৰিব নালাগেঃ আলোচনাৰ দ্বাৰা সমস্যা সমাধান কৰিম

f30b66a7 b186 4164 9c9e b014225db37b

“আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত ঘোষণা হ’ব টেট’ পৰীক্ষাৰ ফলাফল। কোনো প্ৰাৰ্থীয়ে প্ৰলোভনত ভুল নাযাব। টকা লৈ কোনেও টেট’ উত্তীৰ্ণ কৰাই দিয়াৰ ক্ষমতা নাই।” এই মন্তব্য অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

আজি ওদালগুৰিত বিজেপি অনুসূচীত জনজাতি মৰ্চাৰ এক কাৰ্যসূচীত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে।

লগতে তেওঁ কয় যে, “ধনৰ বিনিময়ত টেট’ উত্তীৰ্ণ কৰাই দিয়াৰ নামত এটা চক্ৰ বৰ্তমানেও সক্ৰিয় হৈ আছে। বিভিন্নজনলৈ চক্ৰটোৱে মেছেজ প্ৰেৰণ কৰিছে। এই চক্ৰটোৰ জালত যাতে কোনেও নপৰে সকলোকে ম‌ই শিক্ষামন্ত্ৰী হিচাপে আহ্বান জনাইছো।”

এই চক্ৰটোৰ স’তে জৰিত মুৰব্বী ইতিমধ্যে চিআইডিৰ জালত পৰিছে। চক্ৰটোৰ স’তে জৰিত আন আন লোককো ইতিমধ্যে বিচাৰি থকা হৈছে যদিও ইয়াৰে একাংশ‌ই বৰ্তমান পলাতক অৱস্থাত আছে।

পলাতক অৱস্থাত থকাৰ পাছতো তেওঁলোকে কিছু কিছু লোকলৈ এই প্ৰলোভনৰ বাৰ্তা প্ৰেৰণ কৰি আছে। গতিকে টেট’ প্ৰাৰ্থীসকল সজাগ হ’ব লাগে।

কোনেও ধনৰ বিনিময়ত টেট’ পাছ কৰাই দিয়া অথবা টেট’ৰ নম্বৰ বৃদ্ধি কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে প্ৰাৰ্থীসকলে নিজে লিখা পৰীক্ষাৰ ওপৰত আস্থা ৰাখি ফলাফলৰ আশা কৰক।

শিক্ষা বিভাগে শীঘ্ৰে অৰ্থাৎ ডিচেম্বৰৰ ভিতৰত টেট’ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।” ইফালে প্ৰাথমিক শিক্ষকসকলে চাকৰি নিয়মীয়াকৰত তথা গ্ৰেড পে বৃদ্ধিৰ বাবে আন্দোলনক কাৰ্যসূচী হাতত লোৱাৰ চৰ্চা অব্যাহত থকাৰ সময়তে আন্দোলন সন্দৰ্ভত মন্ত্ৰী পেগুৱে কয় যে ,”প্ৰাথমিক শিক্ষক সংগঠনৰ স’তে ইতিমধ্যে ম‌ই দুবাৰকৈ আলোচনাত মিলিত হৈছো।

প্ৰয়োজন হ’লে তৃতীয়, চতুৰ্থ বাৰলৈও আলোচনাত বহিম। শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে আমাৰ শিক্ষা বিভাগৰ প্ৰচেষ্টা অব্যাহত আছে। ভুকুতে কলটো নপকে, সকলো সমস্যা সমাধানৰ বাবেই সময়ৰ প্ৰয়োজন হয়। তেওঁলোকে উত্থাপিত ন্যায্য সমস্যা সমাধানৰ বাবে আমি পদক্ষেপ লৈ আছো।”

ইফালে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীক অপসাৰণৰ দাবীত এবছুকে ধৰি শিক্ষাৰ্থীসকলে কৰা আন্দোলন সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, “বিশ্ববিদ্যালয় এখন আইনৰ দ্বাৰা পৰিচালিত হয়। ৰাজ্যপাল গৰাকী হৈছে বিশ্ববিদ্যালয় এখনৰ মূখ্য।

গতিকে ইয়াত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে তাত পোনপতীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে। আমি এটাই জানো যিখন আইন অনুসৰি বিশ্ববিদ্যালয় স্থাপন হৈছে সেই আইন অনুসৰিয়েই বিশ্ববিদ্যালয়খন পৰিচালিত হব লাগে। অৱশ্যে বিশ্ববিদ্যালয়খনত নিয়মীয়া ৰেজিষ্টাৰ নিযুক্তিৰ বাবে আমাৰ বিভাগে ইতিমধ্যে নিৰ্দেশ দিছো। আগন্তুক কিছুদিনৰ ভিতৰতে বিশ্ববিদ্যালয়খনৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা হব বুলি উপাচাৰ্যগৰাকীয়ে আশ্বাস দিছে।”

ইফালে ৰাজ্যত নতুন শিক্ষানীতি ইতিমধ্যে আৰম্ভ হোৱা বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি ইতিমধ্যে বিদ্যালয়ৰ শ্ৰেণীৰ গাঠনিকৰণৰ ঘোষণা হ’ল যিহেতু খৰতকীয়াকৈ শিক্ষানীতিখন অসমত কাৰ্যকৰী হব বুলি উল্লেখ কৰে।

Exit mobile version