দিনটোৰ ৰাশিফল

2XWTZZQLK5A6XLZ3X2KE34J2K4

মেষঃ পুৱা ১০টা লৈ কিছু সাৱধান থকাটো ভাল । বিদ্যাত তেনে অসুবিধা নাই । কৰ্মব্যস্তসকল কৰ্মকালত কিবা অশান্তি অনুভৱ । ঘৰুৱাত শুভ কৰ্ম সম্পাদন । শৰীৰ সম্পৰ্কে সচেতন থাকক । শুভ ৰং নীলা ।

বৃষঃ কৰ্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ । বিদ্যাতো বেয়া নহ’ব । জ্ঞাতি কুটুম্ব চিন্তা থাকিব । বৰ্তমান কথা চিন্তা কৰি ফুৰা চকাত নিজে সতৰ্ক থাকক । বন্ধুৰ সংগত সুখ । শুভ ৰং ৰঙা ।

মিথুনঃ পঢ়া-শুনাত মন বঢ়াওক । জ্ঞাতি কুটুম্বৰ লগত সদ্ভাৱ মজলীয়া বন্ধু-বৰ্গৰ সংগ বা আগমন । ব্যৱসায়ত চিন্তা কম । আৰ্থিক ব্যয় হ’লেও প্ৰয়োজনীয় কাৰণ থাকিব । শৰীৰ মধ্যম । শুভ ৰং গেৰুৱা ।

কৰ্কটঃ আৰ্থিকত খা-খৰচ বৃদ্ধি । বিভিন্ন পৰিৱেশৰ মাজেৰেও মনতো কোনো কাৰণত আনন্দিত হ’ব । কিবা পৰিৱৰ্তনৰ নতুন অনুভৱ । বিদ্যাত যত্ন ৰাখক । অবাবত চিন্তাৰে সময় নষ্ট নকৰিব । শুভ ৰং বগা ।

সিংহঃ কৰ্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায় । মনৰ অৱস্থা মধ্যম । কোনো কাৰণে মনত দুখ আহিব পাৰে । বিদ্যাত বেয়া দেখা নাযায় । প্ৰেমত শুভ দুৰ্ভাৱনা থাকিব । ৰং নীলা ।

কন্যাঃ বৰ উন্নত দিন নহ’ব । এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব । অভাৱত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব । উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে । শুভ ৰং সেউজীয়া ।

তুলাঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব । কৰ্তব্যত নিজৰ দক্ষতা থাকিব । কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে । বিদ্যাত অনুকূল পৰিৱেশ ভ্ৰমণ চিন্তা কৰিলেও কষ্ট । শুভ ৰং বগা ।

বৃশ্চিকঃ কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল । যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব । বিদ্যাত সিমান বেয়া দেখা নাযায় । খাদ্যদিৰ প্ৰতি নজৰ ৰাখক । নতুন সংযোগৰ আশা । দাম্পত্যত মধ্যম । শুভ ৰং গেৰুৱা ।

ধনুঃ কৰ্মব্যস্ততা বাঢ়িব । শৰীৰ মধ্যম । গুৰুতৰ কাম আদি হাতত ল’লেও ভবা-শুনা কৰি ল’ব । নতুন উদ্যম । আৰ্থিকত খৰচ বৃদ্ধি । প্ৰেম-প্ৰীতিত মধ্যম । পঢ়া-শুনাত খেলিমেলি থাকিব । শুভ ৰং ৰঙা ।

মকৰঃ আজি পূৰ্বদিনতকৈ উন্নত । মনত দৃঢ়তাও থাকিব । যোগাযোগৰ পৰা উপকৃত হ’ব । উপৰুৱা ব্যৱসায়ত অনুকূলতা । মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ । শুভ ৰং নীলা ।

কুম্ভঃ আৰ্থিকত হাত ধৰি চলক । বন্ধু-বান্ধৱৰ লগত সম্ভাৱ ৰাখিবলৈ সক্ষম হ’ব । আজি পূৰ্বদিনৰ তুলনাত কিছু উন্নত । শৰীৰৰ আহুকালো কমিব । বাহ্যিক কথাত কিছু ব্যস্ত থাকিব । শুভ ৰং আকাশী নীলা ।

মীনঃ আকস্মিক কোনো সুযোগ বা সহায় সহযোগিতাৰ সম্ভাৱনা । মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা । বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায় । নতুন যোগাযোগত অনুকূল আশা । বিদ্যাত বেয়া দেখা নাযায় । শুভ ৰং হালধীয়া ।

Exit mobile version