Child Birth : চাইকেল চলাই হাস্পাতালত গৈ সন্তান জন্ম দিলে নিউজিলেণ্ডৰ পার্লিয়ামেন্ট সদস্যাই

61a32e5eb0001

চাইকেল চলাই হাস্পাতাললৈ গৈ সন্তান জন্ম দিলে নিউজিলেণ্ডৰ পার্লিয়ামেন্টৰ এগৰাকী সদস্যাই । তেওঁৰ এই কাৰ্যৰ কথা বিয়পি পৰিছে সামাজিক মাধ্যমত । তাৰ পাছতেই প্রশংসাত মুখৰিত হৈ পৰে নিউজিলেণ্ডৰ সেই ৰাজনীতিক ।

পার্লিয়ামেন্টৰ সদস্যাগৰাকীৰ নাম জুলি এনি জেন্টাৰ । নিউজিলেণ্ডৰ সময় অনুযায়ী দেওবাৰে পুৱা তিনি বজাত তেওঁ সন্তান জন্ম দিয়ে । জন্ম দিয়াৰ আগতে ঘৰৰ পৰা হাস্পাতালত প্রসৱযন্ত্রণা সহ্য কৰি চাইকেল চলাই যায় । নিজৰ প্রথম সন্তানক জন্ম দিবলৈও তেওঁ একেদৰেই হাস্পাতাল গৈছিল ।

https://m.facebook.com/story.php?story_fbid=4916210785057860&id=195454263800226&sfnsn=wiwspwa

সন্তান জন্মৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে জুলিয়ে । তেওঁ লিখে, ‘দেওবাৰে পুৱা তিনি বজাত আমাৰ পৰিয়ালত নতুন অতিথি আহিছে । ঘৰৰ পৰা ওলোৱা সময়ত, যথেষ্ট যন্ত্রণা হৈছিল । ভাবিছিলো, হাস্পাতালত গৈ পাম নে নাই । কিন্তু ১০ মিনিট দেৰি হ’লেও পাই গ’লো হাস্পাতালত । সন্তান আৰু মোৰ দুয়োজনৰে শৰীৰ ভালে আছে ।’

Exit mobile version