Noida Airport : চীনা বিমানবন্দৰক নয়ডাৰ বিমানবন্দৰ বুলি টুইট বিজেপি মন্ত্রীৰ, কটাক্ষ চীনৰ

Beijing airport

নিজৰ কাম দেখুৱাবলৈ বেইজিঙৰ দাকছিং আন্তর্জাতিক বিমানবন্দৰৰ ছবি টুইটত ব্যৱহাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ মন্ত্রী আৰু নেতাৰ বিৰুদ্ধে ।

ইয়াৰ বাবে চীনৰ চৰকাৰী সংবাদমাধ্যম ‘চাইনা গ্ল’বেল টেলিভিছন নেটৱর্ক (চিজিটিএন)’ৰ এজন কর্মচাৰীয়ে টুইট কৰি বিজেপিৰ মন্ত্রী আৰু নেতাক গৰিহণা দিছে । তেওঁলোকৰ টুইটবোৰো চীনা সংবাদমাধ্যমৰ কর্মচাৰীৰ টুইটত প্রকাশ কৰা হৈছে । যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে, তেওঁলোকৰ ভিতৰত অন্যতম কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰ, প্রহ্লাদ সিং পেটেল, অর্জুন ৰাম মেঘৱাল আৰু উত্তৰ প্রদেশৰ উপ মুখ্যমন্ত্রী কেশৱ প্রসাদ মৌর্য ।

চীনা সংবাদমাধ্যমৰ কর্মচাৰীৰ টুইটত অভিযোগ কৰা হৈছে, উত্তৰ প্রদেশৰ নয়ডা আন্তর্জাতিক বিমানবন্দৰ (যাক জেবৰ বিমানবন্দৰ হিচাপে নামকৰণ কৰা হৈছে) কি মডেলে বনোৱা হৈছে সেয়া বুজাবলৈ বিজেপিৰ কেন্দ্রীয় মন্ত্রী আৰু নেতাসকলে প্রত্যেকেই তেওঁলোকৰ টুইটত বেইজিঙৰ দাকছিং আন্তর্জাতিক বিমানবন্দৰৰ ছবি ব্যৱহাৰ কৰিছে ।

চিজিটিএন-ৰ কর্মচাৰী ছেন ছিৱেই শুকুৰবাৰে নিশা তেওঁৰ টুইটত লিখে, ‘নিজৰ কাম দেখুৱাবলৈ ভাৰতৰ মন্ত্রীসকলে বেইজিঙৰ দাকছিং আন্তর্জাতিক বিমানবন্দৰৰ ছবি ব্যৱহাৰ কৰিবলগীয়া হ’ল দেখি খুব আঘাত পালো ।’

সেই টুইটত চিজিটিএন-ৰ কর্মচাৰী ছেন ছিৱেই বিজেপিৰ অভিযুক্ত মন্ত্রী, নেতাসকলৰ টুইটবোৰো প্রকাশ কৰে ।

ইয়াৰ পূৰ্বে কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে তেওঁৰ টুইটত নয়ডা বিমানবন্দৰক ‘এছিয়াৰ বৃহত্তম বিমানবন্দৰ’ বুলি উল্লেখ কৰিছিল । তাত ৩৫ হেজাৰ কোটি টকা বিনিয়োগ হ’ব বুলিও জনাইছিল ।

সম্ভৱতঃ তাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ চিজিটিএন-ৰ কর্মচাৰীজনে পাছত আন এটা টুইট লিখে, ‘চীনৰ বেইজিং দাকছিং আন্তর্জাতিক বিমানবন্দৰ নিৰ্মাণ কৰিবৰ বাবে ব্যয় হৈছে এহেজাৰ ৭৪৭ কোটি আমেৰিকান ডলাৰ ।’

Exit mobile version