অমিক্রনৰ ত্ৰাসত সীমান্ত বন্ধ কৰিলে ইজৰাইলে: সকলো দেশৰ যাত্ৰীৰ প্ৰৱেশ নিষিদ্ধ

im 442197

কৰ’নাৰ নতুন প্রজাতি অমিক্রনৰ সংক্রমণ দক্ষিণ আফ্রিকাৰ লগতে বিশ্বৰ একাধিক দেশত ধৰা পৰাৰ পাছত নিৰাপত্তাৰ খাতিৰত নিজ দেশৰ সীমান্ত সম্পূর্ণৰূপে বন্ধ কৰিলে ইজৰাইলে।

এতিয়াৰে পৰা অনির্দিষ্টকাললৈ বিদেশী নাগৰিকে ইজৰাইলত প্রৱেশ কৰিব নােৱাৰিব। কৰ’নাৰ অমিক্রন প্ৰজাতিৰ সংক্রমণ ধৰাৰ পৰাৰ পাছত নিজ দেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা প্ৰথমখন দেশ হিচাপে পৰিচিত হ’ল ইজৰাইল।

ইজৰাইলৰ প্রধানমন্ত্রী নফতালি বেনেটে এক বিবৃতিত কয় যে আগন্তুক ১৪ দিনৰ বাবে ইজৰাইলত কোনাে বিদেশী নাগৰিকে প্রৱেশ কৰিব নােৱাৰিব।

এই সময়ছােৱাৰ ভিতৰত দেশখনৰ বিজ্ঞানীয়ে কৰ’নাৰ নতুন প্রজাতিৰ স্বৰূপ আৰু ইয়াৰ ৰূপ পৰিৱর্তনৰ সন্দৰ্ভত প্রয়ােজনীয় গৱেষণামূলক অধ্যয়ন সম্পন্ন কৰিব।

উল্লেখ্য যে অমিক্রন প্রজাতিৰ সংক্রমণ ইতিমধ্যে ইজৰাইলতাে ধৰা পৰিছে। বর্তমানলৈকে বষ্ট’ৱানা, বেলজিয়াম, দক্ষিণ আফ্রিকা,ইজৰাইলসহ বিশ্বৰ ১০ খন দেশত অমিক্রনৰ সংক্রমণ চিনাক্ত কৰা হৈছে।

Exit mobile version