দিনটোৰ ৰাশিফল

zodiac sign1637637015689

মেষ : আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয় বহুলতাৰ কাৰণে সঞ্চয় নহ’ব। বাধা-বিপত্তি থকা সত্ত্বেও লক্ষত উপনীত হ’ব পাৰিব আকস্মিকভাৱে যােগ মটিব পাৰে, কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে, প্রেমত শুভ।

বৃষ :কর্মক্ষেত্রে সুখ্যাতি লাভ, ভ্রাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে চকুৰ সমস্যাত ভুগিব পাৰে। অযথা অর্থ নাশ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত তেনেকুৱা শুভ নহ’ব। উচ্চ বিদ্যার্থীৰ উন্নতিৰযােগ।

মিথুন: নিজৰ ভুলৰ কাৰণে ভাল সুযােগ হাত এৰা হ’ব পাৰে। দৈনন্দিন কাম-কাজত বাধাৰ মাজেৰে অগ্রগতি আকস্মিক কোনাে অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব।

কর্কট :নিজৰ কোনােবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে। বুধৰ শুভ প্রভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্রভাৱ পৰিব। গৃহ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে।

সিংহ : অশুভ ৰাহুৰ কাৰণে কর্মত পদোন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্ৰুৰ বেয়া নজৰত পৰিব পাৰে। পাৰিবাৰীক ক্ষেত্ৰত শান্তি বিঘ্নিত হ’ব পাৰে।

কন্যা : বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যােগ। কর্মসূত্রে বাহিৰলৈ যােৱাৰ যােগ দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব। সংনিয়ন্ত্রণ ৰাখিব।

তুলা : বিভিন্ন ফালে মনৰ আশা পূর্ণ হােৱাৰ যােগ দেখা যায়। ভিক্ষাৰীক দান কৰিব। দূৰ ভ্ৰমণ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃশ্চিক : যানবাহনৰ পৰা সতর্ক থাকিব। বিবাহৰ যােগ। প্ৰেমত অশুভ বিদ্যৰ্থীয়ে ভবা মতে ফল নাপাব। ভ্ৰমণৰ যােগ আছে।

ধনু : গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। যাত্রা নকৰিব চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্রতি নজৰ ৰাখিব। সৰুসুৰা শাৰীৰিক সমস্যা হ’ব পাৰে।

মকৰ :ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব। কলা কাপােৰ দান আৰু নিৰামিষ আহাৰ কৰিব। বিদাৰ্থীয়ে পঢ়াত মনােযােগ দিলে আশা কৰা মতে ফল পাব।

কুম্ভ : প্ৰেমত শুভ। চাকৰিৰ ক্ষেত্ৰত বাধা। যানবাহনৰ পৰা সাৱধানে থাকিব। ঘৰত কোনাে ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব। শুভ ৰং বগা,শুভ সংখ্যা ৮

মীন : এই ৰাশিৰ জাতক জাতিয়াই বা বস্ত্র প্রবিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব। এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব।

Exit mobile version