অ’মিক্ৰন সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ: উপসর্গ থাকিলে পলম নকৰিব

115033548 gettyimages 1226314512

কৰ’নাৰ নতুন প্রজাতি অ’মিক্রনৰ আবির্ভাৱে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে। চিকিৎসক বিশেষজ্ঞই বর্তমানলৈকে লাভ কৰা তথ্য অনুসৰি, ক’ভিডৰ এইবিধ প্রজাতি পূৰ্বৰ প্ৰজাতিৰ তুলনাত অধিক দ্রুত সংক্রামক আৰু এই প্রজাতিয়ে অতি সঘনে নিজৰ স্বৰূপ সলনি কৰে।

অৱশ্যে অ’মিক্রন কিমান ঘাতক সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি গৱেষকসকলে কৈছে। ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।

চিকিৎসকসকলে পৰামর্শ দি কয় যে অ’মিক্ৰনৰ সংক্রমণ সহজে আৰু সােনকালে চিনাক্ত কৰিবলৈ হ’লে সকলাে নাগৰিকে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব।

চর্দি লগা, কাহ, জ্বৰ, মূৰৰ বিষ, হাত-ভৰিৰ বিষ, ভােক নলগা, শ্বাস-প্রশ্বাসৰ সমস্যা, খাদ্যৰ সােৱাদ অনুভৱ নকৰা, গােন্ধ অনুভৱ নকৰাৰ দৰে উপসর্গই দেখা দিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বিশেষজ্ঞসকলে সকলােকে আহ্বান জনাইছে।

অন্যথা নতুন প্রজাতিৰ ভাইৰাছত সংক্রমিত হৈ দীর্ঘদিন চিকিৎসা অবিহনে থকাৰ পৰিণতিত ৰােগীৰ জীৱনলৈ বিপদ নামি আহিব পাৰে। চিকিৎসকসকলে লগতে কয় যে উচ্চ ৰক্তচাপ, মধুমেহ, বৃক্ক ৰােগী, হাপানী ৰােগী, কৰ্কট ৰােগীয়ে কৰ’নাৰ সংক্ৰমণৰ পৰা নিজক মুক্ত ৰাখিবলৈ সর্বাধিক সতর্কতা অৱলম্বন কৰা জৰুৰী।

Exit mobile version