ওজন হ্ৰাস কৰিবলৈ খাওক নেমু-গুড়ৰ মিশ্ৰণ

images 1

আজি কালি মেদবহুল লােকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। শৰীৰত মেদ জমা হােৱা মানেই বিপদ। বহুতাে লােকে চর্বিযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খায় যদিও সেই অনুপাতে কায়িক শ্রম নকৰে।

ADVERTISEMENT

এনেদৰে মেদ বৃদ্ধি হৈ থকাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে। মেদবহুলতাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ যদি পুৱাই খালি পেটত নেমু-গুড় আৰু পানীৰ মিশ্ৰণ কৰি খায় তেতিয়াহ’লে সুফল লাভ কৰিব।

নিয়মীয়াকৈ এনেধূৰণৰ ৰস খালে শৰীৰত অতিৰিক্ত চর্বি জমা হােৱাৰ আশংকা নাথাকে। অৱশ্যে এনে কৰিলে যদি গেষ্ট্রিক বা এচিডিটিৰ সমস্যাই গা কৰি উঠে তেতিয়াহ’লে শীঘ্ৰে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত।

আনহাতে,ডায়েবেটিছত আক্রান্ত লােক সকলেও এই ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিবই লাগিব। কাৰণ যদি চিকিৎসকৰ পৰামর্শ অবিহনে এনে চর্বত বা সৰ নিয়মীয়াকৈ খায় তেতিয়াহ’লে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হােৱাৰ আশংকা থাকে।

Exit mobile version