কিমান ভয়াৱহ অ’মিক্রন ? সংক্রমণৰ ক্ষমতা কে’বাগুণ অধিক

কৰ’না ভাইৰাছৰ নতুন প্রজাতিক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ পাঁচ তথ্য

WHO on Omicron 1638181660916 1638181661087

ডেল্টা, ডেল্টা প্লাছৰ পাছত কৰ’না ভাইৰাছৰ শেহতীয়া প্রজাতি অ’মিক্রনক লৈ বিশ্বজুৰি সৃষ্টি হৈছে নতুন উদ্বেগৰ। আফ্রিকাত প্রথম চিহ্নিত হয় ক’ভিডৰ এই নতুন প্রজাতিৰ সংক্রমণ।

আফ্রিকাৰ বছ’ৱানাত অমিক্রনৰ প্রথম সংক্রমণ ধৰা পৰাৰ পাছত হংকং, ইজৰাইলসহ ১৩ খন দেশ এতিয়ালৈকে এইবিধ ক’ভিডৰ দ্বাৰা প্ৰভাৱিত হৈছে। ক’ভিডৰ এই প্রজাতিয়ে বিশ্বত নতুনকৈ কৰ’নাকেন্দ্রিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি ইতিমধ্যে সকলাে দেশকে সতর্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই।

অৱশ্যে এতিয়াও অ’মিক্রন সন্দৰ্ভত অধিক তথ্য গৱেষকসকলে নিশ্চিতভাৱে লাভ কৰিব পৰা নাই। বর্তমানলৈকে গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি,অ’মিক্রনৰ সংক্রমণ ক্ষমতা এতিয়ালৈকে ধৰা পৰা ক’ভিডৰ অন্যান্য প্রজাতি যেনে ডেল্টা, ডেল্টা প্লাছতকৈ কে’বাগুণ অধিক।

অতি দ্রুতগতিত ক’ভিডৰ এই নতুন প্রজাতিৰ সংক্রমণ হােৱাৰ প্রতি লক্ষ্য ৰাখি হুৱে উদ্বেগ প্রকাশ কৰিছে। অ’মিক্রনৰ ঘাতক ক্ষমতা এতিয়ালৈকে জানিব পৰা হােৱা নাই।

বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা অনুসৰি বৰ্তমানলৈকে অ’মিক্রনত আক্রান্ত এজনাে ৰােগীৰ মৃত্যু হােৱাৰ তথ্য সুনিশ্চিত হােৱা নাই। জিনৰ বিন্যাসৰ একাধিকবাৰ পৰিৱর্তন হােৱাৰ প্রতি লক্ষ্য ৰাখি কৰ’নাৰ এই প্রজাতিয়ে বিশ্বত হঠাতে পুনৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি হুৱে শংকা প্রকাশ কৰিছে।

অ’মিক্রন সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই মূলতঃ পাঁচটা তথ্য লাভ কৰিছে।
ক’ভিডৰ এই নতুন প্রজাতিৰ সন্দৰ্ভত আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে লাভ কৰা তথ্যসমূহ হৈছে এনে ধৰণৰ প্ৰথমতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, যিসকল লােক পূর্বে ক’ভিড বা কৰ’নাত আক্ৰান্ত হৈছিল, এনে ব্যক্তি অতি সহজে অ’মিক্রনত আক্রান্ত হােৱাৰ শংকা আছে।

দ্বিতীয়তে, এজন ব্যক্তিৰ শৰীৰৰ পৰা আন ব্যক্তিলৈ যিকোনাে ভাইৰাছ যদি অতি দ্রুতগতিত সংক্রমিত হয়, তেন্তে সেই ভাইৰাছ অধিক সংক্রামক হয়।

কৰ’না ভাইৰাছৰ ডেল্টা আৰু অন্যান্য প্রজাতিৰ তুলনাত অমিক্রন অধিক সংক্রামক হয় নে নহয়, সেয়া এতিয়াও স্পষ্ট হােৱা নাই। অৱশ্যে আৰ টি-পি চি আৰ পৰীক্ষাই এই প্রজাতিৰ সংক্ৰমণ চিনাক্ত কৰিব পাৰে।

তৃতীয়তে, ক’ভিডৰ বিভিন্ন প্রতিষেধকৰ প্ৰভাৱ এই ভাইৰাছৰ ওপৰত কিমান ফলপ্রসূ, সেয়া এতিয়ালৈকে জানিব পৰা হােৱা নাই বুলি উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই কয় যে এই বিষয়ত পৰীক্ষামূলক অধ্যয়ন অব্যাহত আছে আৰু অচিৰে অ’মিক্রন প্ৰতিৰােধত বর্তমানে উপলব্ধ টিকাসমূহৰ ফলপ্রসূতাৰ সবিশেষ আহৰণ কৰাটো সম্ভৱ হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ চতুর্থটো তথ্য অনুসৰি, কৰ’নাৰ নতুন প্রজাতি অমিক্রনে কোনাে জটিল ৰূপ সৃষ্টি কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হােৱা নাই।

কৰ’নাৰ অন্যান্য প্রজাতিত আক্রান্ত হ’লে যিসমূহ উপসর্গই দেখা দিয়ে, এইসমূহ উপসর্গতকৈ পৃথক কোনাে উপসর্গ অমিক্রনে সৃষ্টি কৰিছে নে নাই সেয়াও এতিয়ালৈকে স্পষ্টভাৱে জানিব পৰা হােৱা নাই বুলি বিশ্ব স্বাস্থ্য সংস্থাই কয়।

সংস্থাটোৱে প্রাথমিকভাৱে লাভ কৰা তথ্য অনুসৰি, ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হােৱা লােকৰ সংখ্যা দক্ষিণ আফ্রিকাত বৃদ্ধি পাইছে; কিন্তু সকলাে প্ৰজাতিৰ ক’ভিড সংক্ৰমণৰ ফলত দেশখনৰ চিকিৎসালয়ত ৰােগীৰ সংখ্যা বৃদ্ধি পাইছে।

কেৱল অমিক্রনৰ সংক্ৰমণৰ ফলত চিকিৎসাধীন ৰােগীৰ সংখ্যা বৃদ্ধি পােৱা বুলি নিশ্চিত হ’ব পৰাকৈ বৰ্তমানলৈকে পর্যাপ্ত তথ্য লাভ কৰা নাই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিয়ে।

Exit mobile version