মহিলা সংসদৰে ছেলফি উঠি টুইট থাৰুৰৰ : কোনে কয় লোকসভা আকৰ্ষণীয় স্থান নহয় ?

shashi tharoor 1638175973645 1638175981984

‘কোনে কয় কাম কৰাৰ বাবে লোকসভা আকৰ্ষণীয় স্থান নহয় ?’ মহিলা সাংসদৰ স’তে ছেলফি উঠি টুইটাৰত ফটোসহ এই মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে । সাংসদজনৰ এই টুইটক লৈ এতিয়া সামাজিক মাধ্যমত অব্যাহত আছে বিতৰ্ক । মহিলা সাংসদৰ স’তে ফটো উঠি এইদৰে কৰা মন্তব্যৰে প্ৰকৃততে থাৰুৰে মহিলাক অপমান কৰিলে বুলিও একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে ।

দিল্লীত সম্প্ৰতি সংসদৰ শীতকালীন অধিবেশন অব্যাহত আছে । এই অধিবেশনতে অংশ লোৱাৰ সময়ত একাধিক মহিলা সাংসদৰ স’তে ছেলফি উঠিছিল থাৰুৰে । উক্ত ছেলফিত থাৰুৰৰ স’তে আছিল তৃণমূল কংগ্ৰেছৰ তাৰকা সাংসদ নুছৰৎ জাহান, মিমি চক্ৰৱৰ্তী, কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী প্ৰণীত কৌৰ, এনচিপিৰ সাংসদ সুপ্ৰিয়া ছ’লে, কংগ্ৰেছৰ সাংসদ জ্যোতিমণি আৰু তামিজাছি থাংগাপন্দিয়া ।

একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে থাৰুৰৰ ৰসিকতাক প্ৰশংসা কৰিলেও আন একাংশৰ মতে, সাংসদজনে এই মন্তব্যৰে মহিলাক অপমান কৰিলে বুলি অভিযোগ কৰিছে ।

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয়, ‘আপোনাৰ কৰ্মক্ষেত্ৰ আকৰ্ষণীয় কৰি তোলাৰ বাবে মহিলাসকল লোকসভাৰ সাজ-সজ্জাৰ সামগ্ৰী নহয় । তেওঁলোক সাংসদ আৰু আপুনি তেওঁলোকক অপমান কৰিছে ।’

Exit mobile version