আগন্তুক গ্ৰন্থমেলাৰ আয়োজনৰ সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সংবাদমেল

অহা ২৯ ডিচেম্বৰৰ পৰা ন জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া “অসম গ্ৰন্থ মেলা”ৰ সন্দৰ্ভত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এক যুটীয়া সংবাদমেল ।

অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই ৷ চানমাৰি গ্ৰন্থমেলাৰ এইবাৰ নতুন নামেৰে অনুষ্ঠিত হ’ব ৷’অসম গ্ৰন্থ মেলা” নামাকৰণ কৰা হৈছে চানমাৰি গ্ৰন্থমেলাৰ৷

আজিৰ সংবাদমেলখনত সাংবাদিকসকলক সম্বােধন কৰি ড° মহন্তই কয়, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে ‘অসম গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ লােৱা এই পদক্ষেপ এক ঐতিহাসিক আৰু দিক নির্ণায়ক ঘটনা হিচাপে চিহ্নিত হৈ ৰব।

ক’ভিডকালীন পৰিৱেশ-পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি যৌথভাবে আয়ােজন কৰা এই অসম গ্রন্থমেলা পৰিচালনাৰ বাবে ইতিমধ্যে উভয় পক্ষৰ পৰা সাতজনকৈ সদস্য নির্বাচিত কৰি এখন ১৪ জনীয়া গ্রন্থমেলা পৰিচালনা সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ উপৰি দুয়ােপক্ষৰ পৰা আহ্বায়ক আৰু সমন্বয়কো নিযুক্ত কৰা হৈছে বুলিও ড°মহন্তই জানিবলৈ দিয়ে।

Exit mobile version