Blanket : দুবছৰ আগতে দিয়া কম্বল নিৰ্বাচনত পৰাজিত হৈ কাঢ়ি নিলে বাংলাদেশৰ প্রার্থীয়ে !

1638276345 bangladesh

দুবছৰ আগতে কম্বল বিতৰণ কৰিছিল । সদ্য নিৰ্বাচনত পৰাজিত হৈ এইবাৰ সেই কম্বলেই কাঢ়ি নিলে বাংলাদেশৰ এগৰাকী মহিলা ৰাজনীতিবিদে । বংগত শীতে হাৰ কঁপোৱাৰ সময়তে এই ঘটনাত ক্ষুব্ধ কম্বল হেৰুৱা লোকসকল । যদিও নেত্রীগৰাকীৰ দাবী, এনে কোনো ঘটনা ঘটা নাই ।

নিৰ্বাচনত জয়ী হ’বৰ বাবে কত কি বিতৰণ কৰে ৰাজনীতিবিদকলে । সমালোচকসকলে কয়, মাংস-ভাত, নগদ ধন পর্যন্ত ৰমৰমীয়া বিতৰণ হয় । কিন্তু নিৰ্বাচনত প্ৰতিহত হোৱাৰ পাছত সেই সমূহ ঘূৰাই নিয়াৰ কথা কেতিয়াও শোনা নাই । এই আচৰ্যকৰ ঘটনা সংঘটিত হৈছে টাংগাইলত ।

বাংলাদেশৰ একাধিক সংবাদমাধ্যমত প্রকাশিত প্রতিবেদন অনুযায়ী, টাংগাইলৰ কালিহাতি উপ জিলাৰ সহদেবপুৰ ইউনিয়নৰ সাত, আঠ আৰু ন নম্বৰ ৱাৰ্ডৰ সংৰক্ষিত আসনৰ প্রার্থী ৰমেছা খানমে দুবছৰ আগতে আকুৱা গাঁৱৰ মকবুল হোছেইন, অনু মিঞা, শংকু আৰু বংকু নামে চাৰিজনক চাৰিটা কম্বল দিছিল । কিন্তু যোৱা দেওবাৰে ইউনিয়ন পৰিষদ নির্বাচনত পৰাজিত হয় ৰমেছা । অভিযোগ, ইয়াৰ পাছতেই খঙত অগ্নিশর্মা হৈ শংকু-বংকুহঁতৰ পৰা চাৰিটা কম্বলেই তেওঁ ঘূৰাই লৈ যায় ।

কিয় কম্বল ঘূৰাই নিলে ? এই প্রতিবেদনত দাবী কৰা হৈছে, ৰমেছাই যিসকলক কম্বল বিতৰণ কৰিছিল, তেওঁলোক সকলোৱে নিৰ্বাচনত জয়ী প্রার্থী জ্যোৎস্না বেগমৰ প্রতিবেশী । ৰমেছাৰ সন্দেহ, নিৰ্বাচনত জ্যোৎস্নাৰ হৈ প্রাণ ঢালি খাতিছে এই চাৰিজনে আৰু কম্বলৰ সময়ত ৰমেছা ! সেই খঙতেই দুবছৰ আগতে দিয়া কম্বল তেওঁ ঘূৰাই লৈ যায় ।

ইপিনে, শীতৰ আৰম্ভণিতে এনেদৰে কম্বল হেৰুৱাই ভাগি পৰা অনু মিঞাৰ প্রশ্ন, ‘‘দৰিদ্ৰৰ প্রতি তেওঁৰ মনত কোনো দয়া মমতা নাই ! সেই কাৰণেই তেওঁক কোনেও সমর্থন কৰা নাই ।’’

যদিও কম্বল ঘূৰাই নিয়াৰ অভিযোগ স্বীকাৰ কৰা নাই ৰমেছাই । তেওঁ উলোটাই দাবী কৰিছে, ‘‘এইটো সম্পূর্ণ ভুৱা । বিৰোধীসকলৰ অপপ্রচাৰৰ বাহিৰে একো নহয় ।’’

Exit mobile version