ৰাজ্যত বৃদ্ধি লিংগকেন্দ্ৰিক হিংসা, অস্বাভাৱিক হাৰত বৃদ্ধি যৌন হিংসাও

ৰাজ্যত ১৫ বছৰ ঊৰ্ধ্বৰ ধপাত-সুৰা সেৱন কৰা লোকৰ হাৰ বৃদ্ধি

sexual harassment work 1

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত বৃদ্ধি পালে লিংগকেন্দ্ৰিক হিংসা । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ জৰীপ-পঞ্চমৰ প্ৰতিবেদনত ২০১৫-১৬ৰ তুলনাত ৰাজ্যত ২০১৯-২০ বৰ্ষত ১৮ বছৰৰ পৰা ২৯ বছৰ বয়সৰ যুৱতী-মহিলাৰ বিৰুদ্ধে যৌন হিংসা অস্বাভাৱিকভাৱে বৃদ্ধিৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । ২০১৫-১৬ৰ জৰীপৰ প্ৰতিবেদনত ৰাজ্যত যৌন হিংসাৰ হাৰ আছিল ৫.৮ শতাংশ আৰু ই ২০১৯-২০ৰ জৰীপত অৰ্থাৎ শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনত আঠ শতাংশলৈ বৃদ্ধি পায় ।

উল্লিখিত যৌন হিংসাৰ বলি হোৱা যুৱতী-মহিলাসকলৰ ৭.৪ শতাংশ চহৰৰ আৰু ৮.১ শতাংশ গ্ৰামাঞ্চলৰ । সমান্তৰালভাৱে স্বামীৰ দ্বাৰা হিংসাৰ ঘটনাও ৰাজ্যত বৃদ্ধি হৈছে । প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ১৮ৰ পৰা ৪৯ বছৰ মহিলাৰ ভিতৰত স্বামীৰ দ্বাৰা হিংসাৰ ঘটনাৰ হাৰ ৩২ শতাংশ; ২০১৫-১৬ত ইয়াৰ হাৰ আছিল ২৪.৫ শতাংশ । ইয়াৰে চহৰ অঞ্চলত স্বামীৰ দ্বাৰা হিংসাৰ ঘটনাৰ হাৰ ২৬.৬ শতাংশ আৰু গ্ৰামাঞ্চলত ‌৩২.৯ শতাংশ বুলি তথ্য প্ৰকাশ পাইছে । একেদৰে ২০১৫-১৬ত ৰাজ্যত গৰ্ভৱতী অৱস্থাত হিংসাৰ হাৰ আছিল দুই শতাংশ আৰু ২০১৯-২০ত ইয়াৰ হাৰ ২.৩ শতাংশলৈ বৃদ্ধি পায় ।

ইফালে, ৰাজ্যত ধপাতজাতীয় আৰু সুৰা সেৱনকাৰীৰ সংখ্যা বৃদ্ধিৰ তথ্য‌ও প্ৰতিবেদনত পোহৰলৈ আহিছে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ জৰীপৰ ২০১৯-২০ৰ প্ৰতিবেদন অনুসৰি ৰাজ্যত ১৫ বছৰৰ ওপৰৰ ২২.১ শতাংশ মহিলাই ধপাতজাতীয় সামগ্ৰী আৰু ৭.৩ শতাংশ মহিলাই সুৰাজাতীয় সামগ্ৰী সেৱন কৰে; ২০১৫-১৬ত ইয়াৰ হাৰ আছিল ক্ৰমে ১৯.৭ আৰু ৬.৯ শতাংশ ।

প্ৰকাশিত তথ্য অনুসৰি, ধপাত সেৱন কৰা এই ২২.১ শতাংশ যুৱতী-মহিলাৰ ভিতৰত গ্ৰামাঞ্চলৰ ২৩.২ শতাংশ আৰু চহৰ অঞ্চলৰ ১৬.২ শতাংশ । একেদৰে সুৰা সেৱন কৰা মহিলাৰ ভিতৰত ৮.২ শতাংশ গ্ৰামাঞ্চলৰ আৰু ২.৬ শতাংশ চহৰৰ বুলি প্ৰকাশ পাইছে । একেদৰে ৰাজ্যত ধপাত সেৱনৰ ক্ষেত্ৰত ১৫ৰ ঊৰ্ধ্বৰ পুৰুষৰ হাৰ ৫১.৮ শতাংশ আৰু ইয়াৰ ৫৩.৩ শতাংশ গ্ৰামাঞ্চল তথা ৪৩.৯ শতাংশ চহৰ অঞ্চলৰ । ইয়াৰ উপৰি সুৰা সেৱনৰ ক্ষেত্ৰত পুৰুষৰ হাৰ ২৫.১ শতাংশ আৰু ইয়াৰে ২১.৩ শতাংশ চহৰৰ তথা ২৫.৯ শতাংশ গ্ৰামাঞ্চলৰ ।

উল্লেখ্য যে ১৫ বছৰৰ ঊৰ্ধ্বৰ পৰাই ৰাজ্যত যুৱক-যুৱতীয়ে সুৰা সেৱনৰ তথ্য পোহৰলৈ অহা দিশটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ এই জৰীপ ২০১৯ৰ ১৭ জুনৰ পৰা ২১ ডিচেম্বৰলৈ ৩০,১১৯ টা পৰিয়াল, ৩৪,৯৭৯ গৰাকী মহিলা আৰু ৪,৯৭৩ জন পুৰুষৰ ওপৰত ভিত্তি কৰি চলোৱা হৈছিল বুলি প্ৰকাশ কৰিছে ।

Exit mobile version