COVID Vaccination : দু’সপ্তাহৰ ভিতৰতে আৰম্ভ হ’ব শিশুৰ ক’ভিড টিকাকৰণ, সিদ্ধান্ত ইউৰোপীয় ইউনিয়নৰ

child vaccine

দুসপ্তাহৰ ভিতৰত শিশুসকলৰ ক’ভিড টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ইউৰোপীয় ইউনিয়নে (ইইউ) । ইউৰোপীয় কমিছনৰ প্রধান উৰ্ছুলা ফন ডাৰ লিয়েনে আজি এই কথা ঘোষণা কৰিছে । ফাইজাৰ-বায়’এনটেকৰ ক’ভিড টিকা দিয়া হ’ব শিশুসকলক ।

আমেৰিকান সংস্থা ফাইজাৰ আৰু জার্মান সংস্থা বায়’এনটেক । উৰ্ছুলাই জনাইছে, দুই সংস্থাৰ স’তেই আলোচনা হৈছে । তেওঁলোকে জনাইছে, টিকাৰ যোগান বৃদ্ধিৰ ব্যৱস্থা কৰা হ’ব । উৰ্ছুলাই কয়, ‘‘১৩ ডিচেম্বৰৰ পৰা শিশুসকলৰ টিকাকৰণ আৰম্ভ হ’ব ।’’

তৎক্ষণাৎ এই ব্যৱস্থা লোৱা হৈছে । কাৰণ অৱশ্যক, ইউৰোপত নতুনকৈ ক’ভিড সংক্রমণ বৃদ্ধি পাইছে । তেনে সময়তে অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে । ইউৰোপত সম্প্ৰতি আটাইতকৈ জটিল পৰিস্থিতিত আছে জার্মানী । ইউৰোপীয় ইউনিয়নৰ দায়িত্বতো আছে এই দেশখন । ফলত সিদ্ধান্ত লোৱাত পলম কৰিব নিবিচাৰে তেওঁলোকে । চলিত বৰ্ষৰ ফেব্রুৱাৰীৰ পাছত এয়ে প্রথম ইমান মৃত্যু হৈছে এই দেশখনত ।

জার্মানীৰ ৰবার্ট কক ইনষ্টিটিউটে জনাইছে, বুধবাৰে এদিনত ৬৭,১৮৬ জন সংক্রমিত হৈছে । সেই দিনটোত মৃত্যু হৈছে ৪৪৬ জনৰ । দেশত প্রতি এক লাখ বাসিন্দাৰ ভিতৰত ৪৪২ জন ক’ভিড আক্রান্ত হৈছে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চৰকাৰক সতর্ক কৰা হৈছে, বৰদিনক লৈ । সাৱধান নহ’লে বৃহৎ বিপর্যয় হ’ব । হাস্পাতাল ৰোগীৰে উপচি পৰিব ।

Exit mobile version