Omicron : ভাৰতত ধৰা পৰিল অ’মিক্রন, কর্ণাটকত আক্ৰান্ত দুই

24430095 web1 CP116719716

ভাৰতত ধৰা পৰিল ক’ভিডৰ নতুন ৰূপ অ’মিক্রন । কর্ণাটকত দুজনৰ শৰীৰত কৰ’নাৰ নতুন ৰূপৰ সন্ধান পোৱা গৈছে বুলি বৃহস্পতিবাৰে জনালে কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে । আক্রান্তসকলৰ ভিতৰত এজন পুৰুষ আৰু এগৰাকী মহিলা । তেওঁলোকৰ বয়স যথাক্রমে ৬৬ আৰু ৪৬ বুলি জনাইছে মন্ত্রণালয়ে । আক্রান্তসকলৰ ‘কনটেক্ট ট্রেচিং’ও কৰা হৈছে বুলি মন্ত্রণালয় সূত্রে খবৰ ।

বৃহস্পতিবাৰে এই প্রতিবেদন লিখা পর্যন্ত ২৯খন দেশত অ’মিক্রনত আক্রান্ত ৰোগীৰ সন্ধান পোৱা গৈছে । সমগ্ৰ বিশ্বত এই পর্যন্ত ৩৭৩ জন ক’ভিডৰ নতুন ৰপত আক্রান্ত হৈছে বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । মন্ত্রণালয়ৰ যুগ্মসচিব লব আগৰৱালে টুইট কৰি জনাইছে, ‘এই পর্যন্ত অ’মিক্রনৰ যিসমূহ ৰোগীৰ সন্ধান পোৱা গৈছে, সকলোৰেই মৃদু উপসর্গ ধৰা পৰিছে । ইয়াৰ সংক্রমণত মাৰাত্মক কোনো উপসর্গৰ কথা এই পর্যন্ত শোনা নাই । বিশ্ব স্বাস্থ্য সংস্থাইও ক’ভিডৰ এই নতুন ৰূপৰ প্রকৃতিক লৈ গৱেষণা কৰিছে ।’

ক’ভিডৰ এই নতুন ৰূপক লৈ ইতিমধ্যে বিশ্বজুৰি উদ্বেগৰ সৃষ্টি হৈছে । ভাৰতসহ একাধিক দেশে আন্তর্জাতিক বিমানত অহা যাত্রীসকলৰ ক্ষেত্রত বিধিনিষেধ জাৰি কৰিছে । মার্কিন যুক্তৰাষ্ট্র, ব্রিটেইনসহ বহু দেশে সীমান্ত বন্ধ কৰা আৰম্ভ কৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, যিসকলে আগতে ক’ভিডত আক্রান্ত হৈছে, তেওঁলোক পুনৰ অ’মিক্রনত আক্রান্ত হ’ব পাৰে । যদিও কিমাশ সংক্রামক সেয়া এতিয়াও স্পষ্ট নহয় । আৰটি-পিচিআৰ পৰীক্ষাৰ দ্বাৰা এই ৰূপক দ্রুত ধৰা পেলোৱা সম্ভৱ বুলি জনাইছে হু-ৱে । এই ভাইৰাছৰ ক্ষেত্ৰত ক’ভিড টিকাৰ কার্যকৰিতা কিমান জানিবৰ বাবে গৱেষণা চলাইছে বিশ্ব স্বাস্থ্য সংস্থাই ।

সম্প্রতি কৰ’না ভাইৰাছৰ নতুন ‘বি.১.১.৫২৯’ ৰূপক উদ্বেগজনক বা ‘ভেৰিয়েন্ট অৱ কনচার্ন’ হিচাপে চিহ্নিত কৰি তাক ‘অ’মিক্রন’ নাম দিৰে বিশ্ব স্বাস্থ্য সংস্থাই (হু) । এই নতুন ৰূপক লৈ উদ্বেগ বৃদ্ধি হৈছে দেশ-বিদেশৰ বিশেষজ্ঞসকলৰ ।

যদিও বিশেষজ্ঞসকলৰ একাংশৰ মতে, অ’মিক্রনক লৈ কোনো সিদ্ধান্ত ল’ব পৰাকৈ যথেষ্ট তথ্য প্রকাশ্যত অহা নাই । গৱেষণা অব্যাহত আছে । ফলত অযথা আতংকিত হোৱাৰ কাৰণ নাই । অৱশ্যে সচেতনতা প্ৰয়োজনীয় ।

Exit mobile version