Trans Person : লিংগ পৰিৱৰ্তনৰ প্রথম অনুমতি মধ্যপ্রদেশত

1638412688 trans person

মধ্যপ্রদেশত এগৰাকী মহিলা আৰক্ষীক লিংগ পৰিৱৰ্তনৰ অনুমতি দিলে প্রশাসনে । এয়াই ৰাজ্যত প্ৰথম বুলি সংশ্লিষ্ট কর্তৃপক্ষ সূত্রে জনোৱা হৈছে ।

লিংগ পৰিৱর্তন কৰি পুৰুষ হোৱাৰ অনুমতি পাইছে এই আৰক্ষীগৰাকীয়ে । সোমবাৰে ৰাজ্যখনৰ গৃহমন্ত্ৰণালয় বিভাগৰ অতিৰিক্ত মুখ্যসচিব ৰাজেশ ৰাজৌৰাই এটা বিবৃতিত জনায়, “আজি এক ডিচেম্বৰ আবেদনকাৰী মহিলা কনষ্টেবলক লিংগ পৰিৱর্তনৰ অনুমতি দিয়া হ’ল ।” তেওঁ লগতে জনায় যে, মধ্যপ্রদেশত এয়ে প্রথম এনে ধৰণৰ অনুমতি দিয়া হ’ল । ইয়াৰ আগতে কোনো চৰকাৰী কর্মচাৰীক লিংগ পৰিৱর্তনৰ আনুষ্ঠানিক অনুমতি দিয়া হোৱা নাই ।

অৱশ্যে, এই অনুমতি যে প্রয়োজনীয় চৰকাৰী নিয়ম অনুসৰিয়েই দিয়া হৈছে সেই বিষয়েও তেওঁ নিশ্চিত কৰিছে । সংবাদমাধ্যম সূত্রে খবৰ, আৰক্ষীগৰাকী মধ্যপ্রদেশৰ এক প্রত্যন্ত গাঁৱৰ বাসিন্দা । শৈশৱৰ পৰাই নিজৰ লিংগ পৰিচয়ক লৈ দ্বিধাগ্রস্ত আছিল তেওঁ । সাত বছৰ আগতে তেওঁ কনষ্টেবলৰ চাকৰিত যোগ দিয়ে ।

Exit mobile version