৩৩খন দেশলৈ সংক্ৰমিত হ’ল অ’মিক্ৰন : চিন্তিত বিশ্ব

ফ্ৰান্সত ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা আঠজনলৈ বৃদ্ধি পালে । ফ্ৰান্সৰ ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগে এই কথা প্ৰকাশ কৰিছে । যোৱা মঙলবাৰে ফ্ৰান্সত অ’মিক্ৰনত আক্ৰান্ত প্ৰথমজন ৰোগীক চিনাক্ত কৰা হৈছিল । ৫০ বছৰীয়া বয়সৰ উক্ত আক্ৰান্ত লোকজনে নাইজেৰিয়া ভ্ৰমণ কৰি ফ্ৰান্সলৈ উভতি অহাৰ পাছতে তেওঁৰ শৰীৰত অ’মিক্রনৰ সংক্ৰমণ ধৰা পৰিছিল ।

যোৱা বুধবাৰে ফ্ৰান্স চৰকাৰৰ মুখপাত্ৰ গেব্ৰিয়েল অট্টলে প্ৰকাশ কৰি কৈছিল যে দেশখনত ১৩জন সন্দেহজনক অ’মিক্ৰন আক্ৰান্তক সম্প্ৰতি নীৰিক্ষণত ৰখা হৈছে । যোৱা ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত ক’ভিডৰ এই নতুন প্ৰজাতিৰ সংক্ৰমণ প্ৰথম ধৰা পৰাৰ পাছত শুকুৰবাৰলৈকে বিশ্বৰ ৩৩ খন দেশলৈ অ’মিক্ৰন সংক্ৰমিত হ’ল । কৰ’নাৰ এই প্ৰজাতিৰ সংক্ৰমণ এছিয়াৰ দেশতো ইতিমধ্যে চিনাক্ত হৈছে ।

ভাৰতৰ পাছত মালয়েছিয়াত অ’মিক্ৰন আক্ৰান্ত প্ৰথমজন ধৰা পৰিল । মালয়েছিয়াৰ স্বাস্থ্যমন্ত্ৰী খেৰী জামালুদ্দিনে প্ৰকাশ কৰা অনুসৰি, দেশখনত এজন লোকৰ শৰীৰত অ’মিক্ৰনৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে আৰু দক্ষিণ আফ্ৰিকাৰ এই ব্যক্তিজনে যোৱা ১৯ নৱেম্বৰত ছিংগাপুৰ হৈ মালয়েছিয়াত উপস্থিত হৈছিল । দক্ষিণ আফ্ৰিকাৰ পৰা ছিংগাপুৰলৈ উভতি অহা দুজন যাত্ৰীৰ শৰীৰতো এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে ।জোহান্সবাৰ্গৰ পৰা ছিংগাপুৰলৈ অহা এই দুই অ’মিক্ৰন আক্ৰান্তক সম্প্ৰতি নিভৃতবাসত নীৰিক্ষণত ৰখা হৈছে ।

ইফালে, আমেৰিকাত পুনৰ পাঁচজন লোকৰ শৰীৰত অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিল । নিউ য়ৰ্কত পাঁচজনকৈ লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ ফলত আমেৰিকাত ক’ভিডত এই নতুন প্ৰজাতিত আক্ৰান্ত লোকৰ সংখ্যা আঠজনলৈ বৃদ্ধি পালে । ইয়াৰ পূৰ্বে হাৱাইত এজন, মিনেছ’টাত এজন আৰু ক’লেৰড’ত এজন লোকৰ শৰীৰত অ’মিক্ৰনৰ সংক্ৰমণ চিনাক্ত কৰা হৈছিল ।

Exit mobile version