গজালি ওলোৱা বুট খালে প্ৰতিৰোধ হয় ৰোগ

chana

অষ্ট্রেলিয়াৰ গৱেষকে এই বুলি মন্তব্য কৰিছে যে গজালিযুক্ত বুট খালে টোটেল কলেষ্টেৰল তথা অপকাৰী কলেষ্টেৰলৰ পৰিমাণ হ্রাস পায়।

এইবিধ খাদ্যত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় ফাইবাৰ পােৱা যায়। সেইবাবে নিয়মীয়াকৈ খালে হৃদৰােগত আক্রান্ত হােৱাৰ আশংকাও হ্রাস পায়।আজিকালি এই ৰােগত আক্রান্ত লােকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

বুট খােৱা লােকৰ সংখ্যা কম নহ’ব। প্ৰায়ভাগ ঠাইতে বুটৰ প্রচলন আছে। কাৰণ প্রসাদ হিচাপে ব্যৱহাৰ কৰা উপাদানবিধেই হ’ল মাহ-প্রসাদ। বুট মাহৰ মিশ্ৰণত পােৱা যায় এক সুকীয়া সােৱাদ। পিছে প্ৰায়ভাগ লােকেই দুয়ােবিধ সুকীয়াকৈ খায়ে ভাল পায়।

বুট আৰু মাহৰ আছে বিভিন্ন গুণ। পুষ্টি গুণৰ বাবে সকলােৱে বুট আদি খাব লাগে। অৱশ্যে গজালি ওলােৱা বুট আদিৰ পৰা বেছি উপকাৰ পােৱা যায়। শেহতীয়াভাৱে গৱেষকসকলেও এই ক্ষেত্ৰত বহুতাে তথ্য লাভ কৰিছে।

বুট তিয়াই কেচাই খােৱাৰ উপৰি বহুতে ৰান্ধিও খােৱা দেখা যায়। তদুপৰি কিছুমানে ভালদৰে ধুই ৰ’দত শুকাই খায়। বুট সাধাৰণতে গজালি ওলােৱাৰ পাছত খালে এন্টিবায়টিকৰ দৰে কাম কৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

১০০ গ্রাম গজালি মেলা বুটত থাকে কার্বহাইড্রেট ৬৫ গ্রাম, কেলছিয়াম দুশ মিলিগ্রাম, প্র’টিন ১৭ গ্রাম, চর্বি পাঁচ গ্রাম, ভিটামিন ‘এ’ থাকে ১৯২ মাইক্ৰ’গ্রাম। তদুপৰি ভিটামিন বি, আৰু বি থাকে।

বুটত প্ৰচুৰ পৰিমাণে প্র’টিন পােৱা যায়। ইয়াত বিভিন্ন ধৰণৰ ভিটামিন, খনিজ লৱণ, মেগনেছিয়াম আৰু ফছফৰাছাে পােৱা যায়। ডায়েবেটিত আক্রান্তসকলে পুৱাই যদি কেঁচা বুট খাই তেতিয়াহ’লে উপকাৰ লাভ কৰিব পাৰে।

গজালি মেলা বুটত শর্ক বা কার্বহাইড্রেট গ্লাইচেমিক ইনডেক্স (জি আই) কম পৰিমাণে থাকে। সেইবাবে ডায়েবেটিছ ৰােগীৰ বাবে উপকাৰী হিচাপে গণ্য কৰা হয়। দৈনন্দিন খাদ্য তালিকাত সপ্তাহত এদিন হলেও বুটৰ দাইল অন্তর্ভুক্ত কৰিব লাগে।

ই হ’ল মলিবেডনাম আৰু মেংগানিজৰ উৎস। তদুপৰি ফ’লেট আৰু ফাইবাৰ থাকে বাবে উপকাৰ পােৱা যায়। গজালি মেলা বুটৰ চৰ্বিৰ বেছিভাগেই হ’ল অসংপৃক্ত চর্বি। এনে ধৰণৰ চর্বি গ্ৰীৰৰ বাবে উপকাৰী হিচাপে গণ্য কৰা হয়। বৰঞ্চ তেজত চর্বিৰ পৰিমাণহে নিয়ন্ত্রণ কৰে।

শেহতীয়াভাৱে অষ্ট্রেলিয়াৰ এদল গৱেষকে এই বুলি মন্তব্য কৰিছে যে গজালিযুক্ত বুট খালে টোটেল কলেষ্টেৰল তথা অপকাৰী কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস পায়। এইবিধ খাদ্যত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় ফাইবাৰ পােৱা যায়। সেইবাবে নিয়মীয়াকৈ খালে হৃদৰােগত আক্রান্ত হােৱাৰ আশংকাও হ্রাস পায়।

আজিকালি এই ৰােগত আক্রান্ত লােকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। সেইবাবে গজালিযুক্ত বুট নিয়মীয়াকৈ পুৱা খােৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত। তদুপৰি ইয়াত থকা পটাছিয়াম,ভিটামিন ‘চি’, ভিটামিন বি আদিয়ে হৃদৰােগ প্ৰতিৰােধ কৰাত পৰােক্ষভাৱে সহায় কৰে ৷

নিয়মীয়াকৈ যদি এইবিধ খাদ্য ৪০.৬৯ গ্রামকৈ খায় তেতিয়াহ’লে মৃত্যুৰ আশংকা ৪৯ শতাংশ হ্রাস পায় বুলি গৱেষকসকলে মন্তব্য কৰিছে।আমেৰিকান মেডিকেল এছচিয়েছন জাৰ্ণেলত প্রকাশিত তথ্য অনুসৰি যিসকল কম বয়সীয়া মহিলাই নিয়মীয়াকৈ ফলিক এচিডযুক্ত খাদ্য খােৱা বাবে হৃদৰােগৰ আশংকা হ্রাস পায়।

বয়ঃসন্ধিৰ পৰৱর্তী সময়তাে হৃদযন্ত্রৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায়ক হয়। ইয়াত থকা আইছােফ্লেভন নামৰ উপাদানবিধে ইস্কিমিক ষ্ট্ৰ’কত আক্রান্ত লােকৰ আৰ্টাৰী বা ৰক্ত সৰবৰাহ কৰা সিৰাৰ কার্য ক্ষমতা বৃদ্ধি কৰে। ফলিক এচিড থকা বাবে গজালিযুক্ত বুট খালে ৰক্তচাপ নিয়ন্ত্রণ কৰে।

আনহাতে, কোৰিয়ান গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে যদিহে নিয়মীয়াকৈ এইবিধ খাদ্য গ্রহণ কৰা হয় তেতিয়া হ’লে মহিলাসকলৰ ক’লন কেন্সাৰ আদি বহু পৰিমাণে হ্রাস পায়। সেইবাবে সকলােৱে নিয়মীয়াকৈ গজালিযুক্ত বুট খােৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

Exit mobile version