তিনিচুকীয়াত নিখোজ ছাত্ৰ নেতা

WhatsApp Image 2021 12 05 at 4.40.41 PM

তিনিচুকীয়াৰ ফিল’বাৰীৰ পৰা ছাত্ৰ নেতা দেৱজিৎ মৰাণ নিখোজ । নিখোজ দেৱজিতৰ সন্ধানত দুৱাৰমৰা বনাঞ্চলত সেনা-আৰক্ষী, গাঁওবাসীৰ অভিযান ।পঞ্চায়তৰ জব কাৰ্ডৰ কামৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ।

ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পিঠাগুটি পথাৰ গাঁৱৰ দেৱজিৎ মৰাণ নামৰ এগৰাকী ছাত্ৰ নেতা শনিবাৰে নিশা শোৱাপাটীৰ পৰা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।গাঁওখনৰ উদীয়মান যুৱক তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত আমগুৰি-নাজিৰাটিং শাখাৰ সভাপতি দেৱজিৎ মৰাণ শোৱাপাটীৰ পৰা সন্ধানহীন হৈ অছে ।

ইপিনে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, বিছনাতেই পৰি আছিল সন্ধানহীন দেৱজিৎ মৰাণৰ ম’বাইল ফোনৰ লগতে চোলা-কাপোৰ । যাৰ বাবে নিশা শোৱাপাটীৰ পৰা কোনো লোকে দেৱজিতক উঠাই নিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে । ঘটনাৰ পাছতেই আজি নিখোজ দেৱজিতৰ সন্ধানত সেনা-আৰক্ষীৰ লগতে স্থানীয় গাঁওবাসীয়ে সমীপৰ দুৱাৰমৰা বনাঞ্চলত অভিযান চলাই যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ।

আনহাতে, গাঁওবাসীয়ে উল্লেখ কৰা অনুসৰি কাকজান পঞ্চায়তৰ অন্তৰ্গত উক্ত গাঁওখনত চলি থকা জব কাৰ্ডৰ কাম সম্বন্ধীয় বিষয়ক লৈ এই ঘটনা সংঘটিত হৈছে ।দেৱজিৎ মৰাণে জব কাৰ্ডৰ কামত বিসংগতি হোৱা অভিযোগ কৰা বাবেই স্থানীয় এজন লোকে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । ।

প্ৰকৃততে কোনে, কি কাৰণত ছাত্ৰ নেতাগৰাকীক নিশা উঠাই লৈ গৈছে নে, ঘটনাৰ আঁৰত আন কিবা বিষয় জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে জানিবলৈ পোৱা যাব । ইপিনে, মৰাণ ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে আৰক্ষী প্ৰশাসনক এক উচ্চস্ততৰীয় সমিতি গঠন কৰি তদন্ত কৰিবলৈ অনুৰোধ জনাইছে, অন্যথা গণতান্তিক প্ৰক্ৰিয়াৰে আন্দোলন কৰাৰ সকীয়নি দিছে ।

Exit mobile version