Nagaland : ভুল বুজাবুজিৰ বাবে নগালেণ্ডত গুলি চলিছিল, সংসদত বিবৃতি গৃহমন্ত্ৰী শ্বাহৰ

AMITSHAHjpg

ভুল বুজাবুজিৰ বাবে নগালেণ্ডত গুলি চালনা হৈছিল বুলি লোকসভাত বিবৃতি দি জনালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । নগালেণ্ডত সেনা আৰু আছাম ৰাইফলছৰ গুলিত ১৪ জন গাঁওবাসীৰ মৃত্যুৰ ঘটনাক তেওঁ ‘গভীৰ দুখজনক’ বুলি কয় । লগতে সোমবাৰে বিবৃতিত তেওঁ কয়, ‘‘বিশেষ তদন্তকাৰী দল (ছিট) গঠন কৰা হৈছে । সম্পূৰ্ণ ঘটনাৰ তদন্ত হ’ব ।’’

গৃহমন্ত্রীগৰাকীয়ে তেওঁৰ বিবৃতিত জনায়, শনিবাৰে নিশা মন জিলাৰ অ’টিং গাঁৱৰ কাষত সন্ত্ৰাসবাদী বুলি ভাবি ভুলবশত খনি শ্রমিকসকলৰ গাড়ীত গুলি চালনা কৰিছিল সেনাই । অভিযানত, সেনাৰ ২১ জন কমাণ্ডো আছিল । তেওঁলোকৰ গুলিত গাড়ীৰ আঠ যাত্রীৰ ছজন ঘটনাস্থলতেই নিহত হয় । আহত দুজনকে সেনাসকলে চিকিৎসালয়লৈ লৈ যায় বুলি তেওঁ জনাইছে । গুলি চালনাৰ পাছতেই সেনা ঘাটিত আক্ৰমণ হয় বুলিও উল্লেখ কৰে গৃহমন্ত্ৰী শ্বাহে ।

গৃহমন্ত্ৰী শ্বাহে কয়, ‘‘গাড়ীত গুলি চালনাৰ ঘটনাৰ পাছত গাঁওবাসীসকল অঞ্চলটোত থকা আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ কৰাত জোৱানসকলে আত্মৰক্ষার্থে গুলি চলায় । সেই ঘটনাচ আৰু সাতজন গাঁওবাসীৰ মৃত্যু হয় ।’’ পাছত পুনৰ জোৱান-জনতা সংঘর্ষত এজন স্থানীয় গাঁওবাসী নিহত হয় । গাঁওবাসীসকলৰ আক্ৰমণত এজন সেনা জোৱানৰ মৃত্যু হৈছে বুলিও তেওঁ জনায় ।

গৃহমন্ত্ৰী শ্বাহে জনায়, এমাহৰ ভিতৰতে ৰিপ’র্ট প্ৰকাশ কৰিব বিশেষ তদন্তকাৰী দলে । তেওঁ কয়, ‘‘ঘটনাৰ প্রাথমিক অনুসন্ধানৰ বাবে ইতিমধ্যে গৃহ মন্ত্রণালয়ৰ অতিৰিক্ত সচিব পর্যায়ৰ এজন বিষয়া কোহিমাত গৈছে ।’’

নগালেণ্ডৰ ডিমাপুৰস্থিত ভাৰতীয় সেনাৰ ৩ নম্বৰ কোৰৰ তৰফৰ পৰা আগতে জনোৱা হৈছিল, ‘বিশ্বস্ত চোৰাংচোৱা সূত্রে খবৰ লাভ কৰিয়েই সন্ত্রাসবাদীসকলক কৰায়ত্ত কৰিবলৈ অ’টিং গাঁৱত অভিযান চলায় সেনা জোৱানসকলে ।’ লগতে, ঘটনাৰ বাবে শোক প্রকাশ কৰিছে সেনাই । সোমবাৰে গৃহমন্ত্ৰী শ্বাহেও সেনাৰ সেই বিবৃতিৰ প্রসংগ উল্লেখ কৰিছে । উল্লেখ্য, শনিবাৰে নিশা এই গুলিচালনাৰ ঘটনাৰ তদন্তৰ আগতেই পৃথক কমিটী গঠন কৰিছে নগালেণ্ডৰ মুখ্যমন্ত্রীও নেইফিউ ৰিঅ’ই ।

Exit mobile version