Omicron : বৃদ্ধি পাইছে অ’মিক্রন, আমেৰিকা আৰু ব্রিটেইন ভ্ৰমণত চর্ত

M6TPDEHCRVPP5P5AZ6BVCM4GCA

অ’মিক্রনৰ সংক্রমণ বৃদ্ধি পাইছে আমেৰিকাত । নিউ ইয়র্কত নতুনকৈ তিনিজনৰ শৰীৰত ভেৰিয়েন্টটোৰ উপস্থিতি পোৱা গৈছে । নিউ জাৰ্চি, জর্জিয়া, পেনচিলভেনিয়া, মেৰিলেণ্ড… ইখনৰ পাছত সিখন বিভিন্ন প্রদেশত ধৰা পৰিছে অ’মিক্রন সংক্রমণ । ক্রমে স্পষ্ট হৈছে কৰ’নাৰ অ’মিক্রন ভেৰিয়েন্টৰ অতি-সংক্রমণ ক্ষমতা ।

নিউ ইয়র্কৰ স্বাস্থ্য কমিছনাৰ মেৰি বেছেটে কয়, ‘‘ষ্ট্ৰেনটো প্ৰৱেশ কৰিছে আৰু যি শংকা কৰিছিল, ক্রমশ ‘কমিউনিটী স্প্রেড’ ঘটিছে । অর্থাৎ অঞ্চলত বিয়পি পৰিছে ।’’

নিউ ইয়র্কত এই পর্যন্ত মুঠ আঠটা সংক্রমণ ধৰা পৰিছে । ইয়াৰে সাতটাই নিউ ইয়র্ক চিটিৰ । নেব্রাস্কা, মিনেছোটা, কেলিফর্নিয়া, হাৱাই, উটাহ, কলোৰাডোত ষ্ট্ৰেনটো বিয়পি পৰিছে । অৱশ্যে এই পর্যন্ত এইটো ‘সুখবৰ’ যে, সংক্রমণ বৃদ্ধি হ’লেও অ’মিক্রনত কোনো মৃত্যুৰ খবৰ পোৱা নাই ।

বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু বিভিন্ন দেশৰ স্বাস্থ্য বিভাগ, সকলোৱে অৱশ্যে সাৱধান থকাৰ পৰামর্শ দিছে । আমেৰিকাৰ এজন স্বাস্থ্যকৰ্মীয়ে কয়, ‘‘অ’মিক্রন সংক্রমণ বৃদ্ধি হ’বই । আৰু সংক্রমণ ধৰা পৰিব । কিন্তু আমিও প্ৰস্তুত হৈ আছো । ইয়াৰ পৰা ৰক্ষা পাবলৈ সকলোৱে ভেকচিন ল‌ওক, প্ৰয়োজন হ’লে বুষ্টাৰ ড’জ ল‌ওক আৰু মাস্ক পৰিধান কৰক ।’’

প্রতি দিনে নতুনকৈ কোনোবা নহয় কোনোবা দেশত অ’মিক্রনৰ প্রৱেশৰ খবৰ পোৱা গৈছে । আজি মালয়েছিয়াত প্রথম ষ্ট্ৰনটো চিহ্নিত হৈছে । লগতে এটা গুৰুত্বপূর্ণ তথ্য পোৱা গৈছে ।

দেশখনত দক্ষিণ আফ্রিকাৰ নাগৰিক এগৰাকী ছাত্রীৰ শৰীৰত অ’মিক্ৰনৰ উপস্থিতি পোৱা গৈছে । ১৯ বছৰীয়া এই ছাত্ৰীগৰাকীয়ে যোৱা মাহত পৰিয়ালক লগ কৰিবলৈ দক্ষিণ আফ্রিকাত গৈছিল । ১৯ নৱেম্বৰত তেওঁ ছিংগাপুৰ হৈ মালয়েছিয়া উভতে । পিছ দিনাই ক’ভিড পৰীক্ষণৰ ফলাফল পজিটিভ আহে । কিন্তু তেতিয়াও অ’মিক্রন ষ্ট্ৰেনৰ কথা জানিব পৰা নাছিল । ২৪ নৱেম্বৰত দক্ষিণ আফ্রিকাত নতুন ষ্ট্ৰেনৰ আবির্ভাৱৰ খবৰ ঘোষণা কৰে । ক’ভিড আক্রান্ত যুৱতীগৰাকীৰ জিনমিক ছিকোৱেন্সিং কৰাত পোৱা যায়, তেওঁ কেৱল ক’ভিড আক্রান্তই নহয় অ’মিক্রন ষ্ট্ৰেনৰ দ্বাৰাও সংক্রমিত হৈছিল ।

মালয়েছিয়াৰ গৃহমন্ত্রী খইৰি জামালুদ্দিনে কয়, ‘‘গুৰুত্বপূর্ণ যে, যুৱতীগৰাকী সংক্রণ ধৰা পৰাৰ পাছৰ পৰা কোৱাৰেণ্টাইনত আছে । তেওঁৰ টিকাকৰণ আগতেই সম্পূর্ণ হৈছিল । সংক্রমিত হ’লেও কোনো উপসর্গ নাই ।’’ তেওঁ আৰু জনায়, ছাত্রীগৰাকী যিসকলৰ সংস্পর্শত আহিছে, তেওঁলোক প্রত্যেককে চিহ্নিত কৰা হৈছে ।

সেয়ে আমেৰিকাত প্রৱেশ কৰাত বিদেশী যাত্রীসকলৰ পৰা ক’ভিড নেগেটিভ ৰিপ’র্ট বিচৰা হৈছে । ব্রিটেইনেও একেই নিয়ম জাৰি কৰিছে । অর্থাৎ প্রি-ডিপাৰচাৰ টেষ্টৰ ৰিপ’র্ট নেগেটিভ হ’ব লাগিব । নাইজেৰিয়াক সম্পূর্ণ নিষিদ্ধ তালিকাত যোগ কৰা হৈছে । অর্থাৎ ৰিপ’র্ট নেগেটিভ হ’লেও প্রৱেশত অনুমতি নাই । ব্রিটেইন ভ্ৰমণৰ ক্ষেত্রত নতুন নিয়ম হৈছে — যাত্রীসকল যিখন দেশৰ পৰা যাব, যাত্রা আৰম্ভ কৰাৰ আগতে পৰীক্ষা কৰিব লাগিব । আৰটিপিচিআৰ বা লেটেৰেল ফ্লো টেষ্ট । অৱশ্যে ৪৮ ঘণ্টাতকৈ অধিক সময় আগতে টেষ্ট কৰালে নহ’ব । টিকাকৰণ সম্পূর্ণ হ‌ওক বা নহ‌ওক, প্রত্যেকৰ ক্ষেত্রতেই এই নিয়ম । ১২ বছৰৰ ঊর্ধ্বৰ সকলে নেগেটিভ ৰিপ’র্ট পকেটত লৈয়েই ব্রিটেইন ভ্ৰমণ কৰিব লাগিব ।

Exit mobile version