মানাহৰ সমীপৱৰ্তী জ্ঞাতিগাঁৱত হৰিণৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ সমীপৱৰ্তী জ্ঞাতি গাঁৱত অঘটন ৷ মানাহৰ এটা প্ৰকাণ্ড শৰপহুৰ (Sambar Deer) আক্ৰমণত আজি পুৱতি নিশা মৃত্যুমুখত পৰে এজন লোক ৷ নিহত লোকজনৰ নাম বীৰছা খাড়িয়া (৭০) ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, পুৱতি নিশা প্ৰায় ৩-৪৫ বজাত প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাইছিল বৃদ্ধ লোকজন, তেনে সময়তে লোকজনৰ গৃহ চৌহদত বিচৰণ কৰি থকা শৰপহুটোৱে অতৰ্কিতে শিঙেৰে আক্ৰমণ কৰে লোকজনক আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাকে ধৰি অন্যান্য যাৱতীয় ব্যৱস্থাৰ যো-জা কৰিছে ৷ উল্লেখযোগ্য যে ঘটনা সংঘটিত কৰা শৰপহুটো প্ৰায়ে মানাহৰ পৰা ওলাই আহি বাঁহবাৰী ৰেঞ্জৰ পশ্চিম সীমাৰ গাতে লাগি থকা লোকৰ বাৰী-ঘৰৰ উপৰি ফ্লৰিকান কটেজ চৌহদত খাদ্যৰ সন্ধানত প্ৰৱেশ কৰি তাতেই বিচৰণ কৰি থকা আছিল ৷

মানাহৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাবুল ব্ৰহ্মই জনোৱা অনুসৰি, ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈ ইতিমধ্যে হৰিণটো ট্ৰেংকুলাইজ কৰিছে আৰু মানাহৰ অৰণ্যৰ কিছু ভিতৰত বিচৰণৰ বাবে মুকলি কৰি দিয়াৰ যো-জা কৰিছে মানাহ কৰ্তৃপক্ষই ।

Exit mobile version