Amla : আমলখি খালে ক্ষতিও হ’ব পাৰে নেকি ? নিয়মিত খালে কোনসকলে সমস্যাত পৰিব পাৰে

amla

আমলখিয়ে গাৰ ছাল-চুলিৰ পৰা হজমৰ প্রক্রিয়া লৈকে সকলো সুস্থ ৰাখে । ইয়াত প্রচুৰ পৰিমাণৰ ভিটামিন চি আছে । শীতকালত প্রতিৰোধ ক্ষমতা বৃদ্ধি ‌কৰাতো সহায় কৰে আমলখিয়ে । সেয়ে নিয়মিত এই ফল খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে । কিন্তু আমলখি সকলোৰে বাবে ভাল নে ? কাৰোবাৰ ক্ষতিও হ’ব পাৰে নেকি এই ফল খালে ?

কোনসকলৰ শৰীৰৰ বাবে আমলখি খোৱা একেবাৰে ভাল নহয়

১) আমলখিত থকা ভিটামিন চি-য়ে চর্দি-কাঁহ ভাল কৰে । কিন্তু এই ভিটামিন চি-ৰ উপস্থিতিয়ে ফলবিধৰ এচিডৰ পৰিমাণো বৃদ্ধি কৰে । যিসকলৰ বুকু জ্বলা-পোৰা কৰাৰ সমস্যা অধিক, নিয়মিত আমলখি খালে তেওঁলোকৰ সেই সমস্যা আৰু বৃদ্ধি হোৱাৰ শংকা থাকে ।

২) আমলখিত আছে এন্টিপ্লেটলেট শক্তি । ইয়াৰ প্রভাৱত শৰীৰত তেজ গোট বন্ধাৰ শংকা কমে । ফলত হৃদ্‌যন্ত্রৰ স্বাস্থ্যৰ বাবে ভাল আমলখি । কিন্তু যিসকলৰ তেজ পাতল হৈ যোৱাৰ সমস্যা আছে, তেওঁলোকে আমলখি নোখোৱাই ভাল । আমলখি খালে তেজ আৰু পাতল হৈ যাব পাৰে । সাধাৰণ কটা-ছিঙাৰ পাছতো ৰক্তপাত বন্ধ হোৱাচ সমস্যা হ’ব পাৰে ।

৩) অস্ত্রোপচাৰ হোৱা থাকিলেও আমলখি খোৱা বন্ধ ৰাখিব পাৰে । কাৰণ সেই একেই, তেজ ওলোৱা বন্ধ নোহোৱাৰ শংকা থাকে । অস্ত্রোপচাৰৰ পাছত ৰক্তপাত বন্ধ নহ’লে টিছ্যু হাইপক্সেমিয়াৰ দৰে সমস্যা হ’ব পাৰে ।

Exit mobile version