খাৰিজা বিজনীৰ চুক্ৰুংবাৰীত বনৰীয়া হাতীৰ বৃহৎ জাকৰ তাণ্ডৱ

পাচলি খেতিৰ ব্যাপক ক্ষতিসাধন

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া তথা বাগসাৰ শালবাৰী মহকুমাৰ খাৰিজা বিজনীৰ অন্তৰ্গত চুক্ৰুংবাৰীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বৃহৎ হাতীৰ জাকে খেতি পথাৰত নিশা প্ৰৱেশ কৰি বিস্তীৰ্ণ কৃষিভূমিৰ ব্যাপক ক্ষতিসাধন কৰে৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাহিতামা বনাঞ্চলিক কাৰ্য্যালয়ৰ গাতে লাগি থকা অঞ্চলটোত প্ৰতিনিশা বনৰীয়া হাতীৰ জাকে খেতি পথাৰত প্ৰৱেশ কৰি খেতি-বাতি তহিলং কৰে৷

মঙলবাৰে নিশাও অনুৰূপ ভাৱে প্ৰায় ৪০ টাকৈ বন্যহস্তীৰ এটি বৃহৎ জাকে খেতিপথাৰত প্ৰৱেশ কৰি বিলাহী, বেঙেনা, জলকীয়া, লেছেৰী, পানীলাউ, ফুলকবি আদি পাচলি খেতিৰ বিস্তৰ ক্ষতিসাধন কৰে৷

হাতী অহাৰ উমান পাই গঞাই চিঞৰ-বাখৰ কৰাৰ লগতে ফটকা ফুটাই , টায়াৰ জ্বলাই হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ প্ৰয়াস কৰে যদিও হাতীৰ জাকটোৱে যেনি-তেনি দৌৰা-দৌৰি কৰি পুৱতি নিশাহে বনাঞ্চলত প্ৰৱেশ কৰে৷

হাতীৰ জাকটোৱে বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমি ক্ষতিগ্ৰস্ত কৰাৰ পিছতেই ঋণগ্ৰস্ত দুৰ্ভগীয়া কৃষক সকলৰ মূৰত সৰগ ভাগি পৰে৷ পাচলি বিক্ৰী কৰিব পৰা হোৱাৰ প্ৰাকমুহূৰ্ততে বনৰীয়া হাতীয়ে এনেদৰে শস্য সমুহ নষ্ট কৰাত হতাশ হৈ পৰে কৃষক সকল৷

কৃষকে এই সংক্ৰান্তত অভিযোগ কৰি কয় যে প্ৰতিনিশা বন্যহস্তীয়ে এনেদৰে ক্ষতিসাধন কৰাৰ পাছতো সংশ্লিষ্ট বিভাগে কোনো গুৰুত্ব আৰোপ কৰা নাই৷ উপায়ন্তৰ কৃষক সকলৰ লগতে শালবাৰী জিলা এবিএমছুৰ নেতা স্বাইজুদ্দিন খণ্ডকাৰে এই বিষয়ত উৰ্ধতন কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে৷

Exit mobile version