দক্ষিণ ভাৰতত বিলাহীৰ মূল্য কিলোত ১৪০ টকালৈ বৃদ্ধি

Tomato EPS

শীতকালীন জনপ্রিয় পাচলি হিচাপে পৰিচিত বিলাহীৰ মূল্য এইবাৰ দেশজুৰি আকাশলংঘী হৈছে। শেহতীয়াভাৱে দক্ষিণ ভাৰতৰ কেবাখনাে ৰাজ্যত প্রতিকিলাে বিলাহীৰ মূল্য ১৪০ টকালৈ বৃদ্ধি পাইছে।

ADVERTISEMENT

দক্ষিণ ভাৰতৰ মায়াবন্দৰত ১৪০ টকাত প্রতিকিলাে বিলাহী বিক্ৰী হৈছে। কেৰালাৰ তিৰুঅনন্তপুৰমত প্রতিকিলাে বিলাহীৰ মূল্য সম্প্রতি ১২৫ টকা হৈছে।

কর্ণাটকৰ মাংগালুৰুত বিলাহীৰ কিলাে এশ টকালৈ বৃদ্ধি পাইছে। তামিলনাডুত সম্প্রতি প্রতিকিলাে বিলাহী ৭৫ টকাৰ পৰা ১০২ টকাত বিক্ৰী হৈছে।

মুম্বাইত ৫৫ টকা, দিল্লীত ৫৬ টকা, কলকাতাত ৭৮ টকাত প্রতিকিলাে বিলাহী বিক্ৰী হৈছে।

Exit mobile version