ফকিৰাগ্ৰামত কমতাপুৰী কোঁচৰাজবংশী শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস-কমতা ফেষ্টিভেল পালনৰ ব্যাপক প্ৰস্তুতি

কমতাপুৰী কোঁচৰাজবংশী শিল্পী সমাজৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কমতা ফেষ্টিভেল এইবাৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰতল বাখাৰাত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ।

ADVERTISEMENT

অহা পাঁচ আৰু ছয় জানুৱাৰী তাৰিখে দুইদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচী সূচাৰু ৰূপে সম্পন্ন কৰাৰ বাবে আজি ময়নাৰতল বাখাৰাত আদৰণি সমিতিৰ এক সভা অনুষ্ঠিত হয় ।

আদৰণি সমিতিৰ সভাপতি তথা কে ই চিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত কোঁচৰাজবংশী জনগোষ্ঠীৰ গীত-মাত, কৃষ্টি-সংস্কৃতি, কোঁচৰাজবংশী লোক সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বা কোঁচৰাজবংশী জনগোষ্ঠীৰ মাটিৰ গোন্ধ থকাকৈ অনুষ্ঠানটি উদযাপন কৰা হব বুলি আলোচিত হয় ।

আদৰণি সমিতিৰ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন নেতা কংকন ৰায়ে আঁতধৰা অনুষ্ঠানটিত কমতাপুৰী কোঁচৰাজবংশী শিল্পী সমাজৰ সম্পাদনা দেৱজিৎ ৰায়, কোকৰাঝাৰ জিলা আক্ৰাছুৰ উপদেষ্টা বিষ্ণুজ্যোতি ৰায়, কমতাপুৰী কোঁচৰাজবংশী শিল্পী সমাজৰ সভাপতি শ্ৰীমন্ত মণ্ডল, উপদেষ্টা ভৃগু মুনি ৰায় আদিয়ে বিভিন্ন দিহা-পৰামৰ্শৰে বক্তব্য দাঙি ধৰে ।

বি টি আৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্ল্যান পৰিষদৰ কাৰ্যবাহী সদস্য তথা কমতাপুৰী কোঁচৰাজবংশী শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস আৰু মিউজিক ফেষ্টিভেলৰ আদৰণি সমিতিৰ পৃষ্ঠপোষক (প্ৰেট্ৰন) অৰূপ দে উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সকলো প্ৰকাৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে ।

উল্লেখযোগ্য যে কোঁচৰাজবংশী জনগোষ্ঠীৰ কূশান, বাশীপূৰান, হুডুম, কাৰ্তিকা নৃত্য, গোৱিলনী, চণ্ডী নৃত্য, বাশ নৃত্য, বাশ নৃত্য ইত্যাদি কোঁচৰাজংশী ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব বুলি বিস্তাৰিত ভাৱে আলোচিত হয় ।

Exit mobile version