Bipin Rawat : সেনাপ্রধান বিপিন লক্ষ্মণ সিং ৰাৱতৰ দেহাৱসান

198151 rawat2

ক্ষমতাসীন চৰকাৰৰ কাৰ্যকালত নিযুক্ত প্রথম সেনাপ্রধান বিপিন লক্ষ্মণ সিং ৰাৱতৰ আজি বিমান দুৰ্ঘটনাত মৃত্যু হয় ।

১৯৫৮ ৰ ১৬ মার্চত উত্তৰাখণ্ডৰ পৌৰীৰ এখন গড়ৱালি ৰাজপুত পৰিয়ালত জন্ম গ্ৰহণ কৰে ৰাৱতে । তেওঁৰ পিতৃ লক্ষ্মণ সিং ৰাৱত ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল আছিল ।

পিতৃক অনুকৰণ কৰিয়ে সেনাত যোগদান দিয়ে ৰাৱতে । ছিমলাৰ ছেন্ট এডৱার্ড স্কুলত শিক্ষাগ্ৰহণ কৰি তেওঁ পুনেত যায় । খড়কভাছলাৰ নেছনেল ডিফেন্স একাডেমিত । পাছত দেহৰাদূনত ইণ্ডিয়ান মিলিটেৰী একাডেমিত প্রশিক্ষণ শেষ কৰি ১৯৭৮ৰ ডিচেম্বৰত যোগ দিয়ে সেনাৰ ১১ গোর্খা ৰাইফলছ বেটেলিয়নত ।

দীর্ঘ কর্মজীৱনৰ বৃহৎ অংশ জম্মু আৰু কাশ্মীৰত অতিবাহিত কৰে ৰাৱতে । ছোপোৰত সন্ত্রাসদমন অভিযানৰ পৰা ৰজৌৰিৰ নিয়ন্ত্রণৰেখাত পাক আক্ৰমণ প্রতিৰোধত তেওঁ আগশাৰীৰ যোদ্ধা হৈ নেতৃত্ব দিছে । তেওঁ উত্তম যুদ্ধ সেবা মেডেল, পৰম বিশিষ্ট সেবা মেডেলসহ একাধিক সেনা-সন্মান লাভ কৰিছে ।

ৰাৱত আফ্রিকাৰ কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিসেনাৰ এটা ব্রিগেডৰ নেতৃত্বত । মেজৰ জেনেৰেল হিচাপে ১৮ নম্বৰ পদাতিক ডিভিছনৰ কমাণ্ডিং অফিচাৰৰ দায়িত্বও পালন কৰিছল তেওঁ ।

লেফটেনেন্ট জেনেৰেল পদত উত্তীর্ণ হোৱাৰ পাছত ৰাৱতে নগালেণ্ডৰ ডিমাপুৰত সেনাৰ ৩ নম্বৰ কোৰৰ কমাণ্ডাৰৰ দায়িত্ব লাভ কৰে । ইয়াৰ পাছত পুনেত দক্ষিণাঞ্চলীয় সেনা কমাণ্ডৰ প্রধানৰ দায়িত্ব লাভ কৰে । ২০১৬ৰ ৩১ ডিচেম্বৰত সেনাপ্রধান হিচাপে দায়িত্বভাৰ লয় । প্রসংগত, সেনাপ্রধান পদত ৰাৱতৰ পূর্বসূৰী জেনেৰেল দলবীৰ সিং সুহাগে ২০১৪-ৰ আগষ্টত দায়িত্ব লয় যদিও তেওঁৰ নিয়োগৰ সিদ্ধান্ত হৈছিল মনমোহন সিং চৰকাৰৰ কাৰ্যকালত ।

ৰাৱত সেনাপ্রধান থকাকালীন কাশ্মীৰত শিল দলিওৱা ৰোধ কৰিবলৈ এজন বিক্ষোভকাৰীক জিপত বান্ধি ঘূৰাইছিল সেনাই । সেই পদক্ষেপ সমর্থন কৰি তেওঁ বিতর্কত সাঙোৰ খাই পৰিছিল । পাছত কাশ্মীৰত বিক্ষোকাৰীসকলৰ শিলত সেনাৰ আহত হোৱাৰ ঘটনাত ক্ষোভ প্রকাশ কৰি তেওঁ কয়, ‘‘শিলৰ পৰিৱৰ্তে যদিও তেওঁলোকে গুলি চালনা কৰিলে হয়, আমাৰ বাবে যুঁজ দিয়া অধিক সহজ হ’ল হয় ।’’

তিনি বছৰ কাম কৰাৰ পাছত ২০১৯ৰ ৩১ ডিচেম্বৰত স্থলসেনা প্রধানৰ পদৰ পৰা অৱসৰ লোৱাৰ কথা আছিল ৰাৱতৰ । তাৰ এদিন পূৰ্বে দেশৰ প্রথম সেনা প্ৰধান পদত তেওঁক নিযুক্ত কৰে মোদী চৰকাৰে ।

ৰাৱতৰ আগতে ভাৰতৰ দুই প্রাক্তন সেনাপ্রধান কে এম কাৰিয়াপ্পা আৰু শ্যাম মানেকছকৰ অৱসৰৰ পাছত আলংকাৰিকভাৱে ফিল্ড মার্ছেল পদত উত্তীর্ণ কৰা হয় যদিও আনুষ্ঠানিকভাৱে স্থল, নৌ আৰু বায়ুসেনাৰ সমন্বয় ৰক্ষাৰ দায়িত্ব লাভ নকৰে । মোদী চৰকাৰে সেনা বিধি সংশোধন কৰি ৰাৱতকেই প্রথম তিনি বাহিনীৰ ‘ছিংগল পয়েন্ট এডভাইজৰ’-ৰ দায়িত্ব দিছিল । জল্পনা আছিল, অৱসৰৰ আগতে ৰাৱতকো পঞ্চতাৰকা ফিল্ড মার্ছেল পদত উন্নীত কৰাৰ । ইহকালত সেই সুযোগ লাভ নকৰিলে ৰাৱতে ।

Exit mobile version