Nagaland Shooting : নগালেণ্ডত নিহতসকলৰ পোছাক সলনি কৰা হৈছিল ? প্ৰত্যক্ষদৰ্শীৰ অভিযোগত ৰহস্য বৃদ্ধি

Image 2 1 1200x1500 1

অ’টিঙৰ বাসিন্দা ঘটনাৰ এজন প্রত্যক্ষদর্শী কিপৱাং কোনিয়াকৰ অভিযোগ, গুলিৰ শব্দ শুনি তেওঁলোকে ঘটনাস্থলত ঢাপলি যায় । গৈ দেখে, সেনা জোৱানসকলে কেইজনমান নিহতৰ পোছাক সলনি কৰিছে । নিহত কিছুসংখ্যকক অন্য বস্ত্রত ঢকা হৈছে । ছোমওৱাং নামে এজন নিহতৰ পৰিয়ালৰ অভিযোগ, তেওঁলোকে গৈ দেখে তেওঁলোকৰ আত্মস্বজন অর্ধ-উলংগ অৱস্থাত নিথৰ হৈ পৰি আছে মাটিত ।

নগালেণ্ডৰ মন জিলাত শনিবাৰে সেনা জোৱানসকলৰ গুলিত ১৪ জনৰ মৃত্যু হয় । পাছত এজন সেনা জোৱানৰো মৃত্যু হয় ।

প্রত্যক্ষদর্শী কিপৱাং কোনিয়াকে এক সর্বভাৰতীয় সংবাদমাধ্যমক জনায়, গুলিৰ শব্দ শুনি নিজ গাঁৱৰ পৰা ঘটনাস্থলত উপস্থিত হৈ তেওঁলোকে দেখে সেনাবাহিনীৰ এটা পিক আপ ভেন ওলাই গৈছে । আশপাশে সেনাবাহিনীৰ আৰু তিনিটা পিকআপ ভেন দেখে তেওঁলোকে । দেখে যে সেইসমূহত মৃতদেহ ৰখা আছে । বহুতকে অন্য কাপোৰেৰে ঢকা হৈছে ।

কোনিয়াকে কয়, ‘‘আমি দেখিছো, তেওঁলোকে (সেনা জোৱান) নিহতসকলৰ পোছাক সলনি কৰিছে । কোনো কোনোক পৰিচয় লুকাই ৰাখিব পৰা বস্তুৰে ঢকা হৈছিল । তেওঁলোকে এয়া কিয় কৰিলে ? তেওঁলোকৰ উদ্দেশ্য কি আছিল ?’’

ঘটনাস্থলৰ পৰা সেনাবাহিনীৰ ভেন ওলাই যোৱা ছবি ভিডিঅ’কৰি ৰখা মানপেই নামৰ গাঁওবাসীজনে কয়, তেওঁ ঘটনাস্থলত উপস্থিত হৈ দেখে মৃতদেহসমূহ ভেনবোৰত ৰখা হৈছে । সেইসমূহক অন্য বস্ত্রৰে ঢিকি দিয়া হৈছে ।

Exit mobile version