বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তথ্য অনুসৰি ইউৰােপত সম্প্রতি পাঁচৰ পৰা ১৪ বছৰীয়া বয়সৰ শিশুৰ মাজত কৰ’নাৰ সংক্রমণ সর্বাধিক হৈছে।
ইফালে, ডেনমার্কত ক’ভিডৰ নতুন প্রজাতি অ’মিক্রনৰ সংক্রমণ ধৰা পৰাৰ পাছত এতিয়া দেশখনত এই প্রজাতিৰ ভাইৰাছৰ সামূহিক সংক্রমণ আৰম্ভ হৈছে ।
হুৰ ইউৰোপৰ সঞ্চালক ডা: হন্স ক্লুজে অঞ্চলটোত শিশুসকলক ক’ভিডৰ সংক্ৰমণৰ পৰা সুৰক্ষিত ৰাখিবলৈ আহ্বান জনাইছে।
ক্লজে প্রকাশ কৰা অনুসৰি ইউৰােপত জনসংখ্যা হিচাপে যুৱ প্ৰজন্মৰ মাজত সম্প্রতি কৰ’নাৰ সংক্রমণ দুইৰ পৰা তিনিগুণ অধিক লাভ কৰা হৈছে।
অৱশ্যে সৰহ সংখ্যক শিশুৰ মাজত ক’ভিড সংক্ৰমণৰ তেনে বিশেষ কোনাে উপসর্গই দেখা দিয়া নাই। ক্লজে লগতে কয় যে ইউৰােপ আৰু মধ্য এছিয়াৰ ৫৩ খন দেশত বিগত দুমাহত কৰ’নাৰ সংক্ৰমণৰ লগতে এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হােৱা লােকৰ সংখ্যা দুগুণৰাে অধিক হ’ল।
ৰাষ্ট্ৰসংঘৰ বিষয়াজনৰ মতে টিকাকৰণ বাধ্যতামূলক কৰাৰ বাহিৰে বিকল্প উপায় এতিয়া নাই। ইউৰােপ আৰু মধ্য এছিয়াৰ ২১ খন দেশত বর্তমানলৈকে ক’ভিডৰ নতুন প্রজাতি অ’মিক্রনত আক্রান্ত ৪৩২ জন ৰােগীক চিনাক্ত কৰা হৈছে।