দৰিদ্ৰক ম’বাইল ৰাজসাহায্য প্ৰদানৰ দাবী মুকেশ আম্বানীৰ

dc Cover gl40k8ej3r01i6290idsmgts56 20170228155205.Medi

ৰিলায়েন্স জিঅ’ৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে কম মূল্যত ম’বাইল ক্ৰয়ৰ বাবে ৰাজসাহায্য প্রদানৰ দাবী উত্থাপন কৰিলে।

ADVERTISEMENT

আম্বানীয়ে ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২১ত অংশ লৈ ভাষণ প্রসংগত কয় যে চৰকাৰে দেশত ম’বাইল ফোনৰ ৰাজসাহায্য আৰম্ভ কৰা উচিত।

আম্বানীয়ে কয় যে যদিহে দেশৰ সকলাে নাগৰিক ডিজিটেল বিপ্লৱৰ অংশীদাৰ হ’ব লাগে, তেন্তে কম মূল্যত দেশবাসীক স্মার্ট ফোন আৰু ইণ্টাৰনেট সেৱাৰ যােগান ধৰিব লাগিব।

ইয়াৰ বাবে চৰকাৰে ৰাজসাহায্য প্রদান কৰাটো জৰুৰী বুলি আম্বানীয়ে মন্তব্য কৰে। দেশত অচিৰে ৫ জি ম’বাইল ইন্টাৰনেট সেৱা জিঅ’ই প্ৰৱৰ্তন কৰিব বুলিও আম্বানীয়ে ঘােষণা কৰে।

Exit mobile version