পৰিভ্ৰমী চৰাইৰ কাঁকলিত মুখৰিত দীপৰ বিল

15816611065e463bb2a1fde

শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে দীপৰ বিল।দেশ বিদেশৰ আলহী পখীৰ কাঁকলিত মুখৰিত হৈ উঠিছে ঐতিহাসিক দীপৰ বিল।

হেজাৰ হেজাৰ মাইল দূৰৈৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ চৰায়ে এতিয়া দীপৰ বিলৰ বুকুত জলকেলী কৰা দেখা গৈছে।সুদূৰ চাইবেৰিয়া,নৰ্থ আমেৰিকাকে ধৰি অন্যান্য দেশৰ পৰা অহা মালাৰ্ড,ৰেড চীল আদি হাঁহ জাতীয় আৰু ব্লেক হেডেড,আইচিচ,ৰীম শ্লেভাৰ,ছেণ্ড ডিপাৰ আদি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই দীপৰ বিললৈ আগমন ঘটা বুলি এচাম প্ৰকৃতিপ্ৰেমীয়ে সদৰী কৰিছে।

অৱশ্যে পূৰ্বৰ তুলনাত এইবেলি চৰাইৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা বুলিও আন এচাম প্ৰকৃতিপ্ৰেমীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে দীপৰ বিলৰ জলবায়ু, প্ৰাকৃতিক খাদ্য সম্ভাৰ আৰু শান্ত সমাহিত পৰিৱেশৰ বাবে প্ৰতি বছৰে দেশ বিদেশৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ আগমন ঘটে দীপৰ বিললৈ।

আন্তৰ্জাতিক সংগঠন ৱৰ্ল্ড লাইফ ইণ্টাৰনেচনেলে দীপৰ বিলক মহত্বপূৰ্ণ চৰাইৰ আৱাস হিচাপে স্বীকৃতি দিছে।অসম চৰকাৰে১৯৮৬ চনতে পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ দীপৰ বিলৰ ১৯৪, ৬৭৮, ৬৯৯ আৰু ১১৫৬ নম্বৰ দাগৰ ১০৩১ একৰ ভূমি”প্ৰযুক্তিবিজ্ঞান আৰু বিশ্ব পক্ষী সংৰক্ষণ আঁচনি”ৰ নামত বন বিভাগলৈ হস্তান্তৰ কৰে।

বন বিভাগে বিল খনৰ পাৰত চকৰ্দোত ১৯৯১ চনতে বন্যপ্ৰাণী সংৰক্ষণ শিবিৰ স্থাপন কৰি বিলখনৰ পাৰত উদ্যান আৰু চৰাই নিৰীক্ষণৰ বাবে টঙীঘৰ নিৰ্মাণ কৰে।ইয়াৰ বাহিৰে পক্ষী অভয়াৰণ্য খ্যাত বিলখনৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ কোনো ব্যৱস্থা নললে।

শেহতীয়াকৈ বিগত ১২০১৮ চনত অসম চৰকাৰৰ পৰা ছিগনেচাৰ আঁচনিৰ অধীনত দীপৰ বিলৰ উন্নয়নৰ বাবে ১০ কোটি টকাৰ অনুমোদন দিয়া হৈছিল।

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ অসম পৰ্যটন উন্নয়ন নিগম চমুকৈ এ টি ডি চিৰ জৰিয়তে ১০ কোটি টকাৰে দীপৰ বিলক পৰ্যটনস্থলীলৈ উন্নীতকৰণ, সৌন্দৰ্যবৰ্ধন আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে এখন অভিলাষী আঁচনি গ্ৰহণ কৰা হয়। পিছে আজি প্ৰায় চাৰি বছৰে আঁচনি খনৰ কোনো কামেই আগ নাবাঢ়িল।

Exit mobile version