ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহভূমি ভৱানীপুৰ সমষ্টিত ছহিদ দিৱস উদযাপন

WhatsApp Image 2021 12 10 at 6.52.15 PM

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহভূমি ভৱানীপুৰ সমষ্টিত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ছহিদ দিৱস উদযাপন কৰা হয় । ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম গাঁও উজান বৰবৰীৰ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুল প্ৰাংগণত বিভিন্ন কাৰ্যসূচীৰে বিজেপিয়ে ছহিদ দিৱস উদযাপন কৰে ।

ছহিদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্নস্থলীত স্থাপিত ছহিদ বেদীত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ, অসম কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ লগতে বিজেপিৰ নেতৃবৃন্দ, ছহিদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ শিক্ষক, শিয়য়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে ।

লগতে উজান বৰবৰীৰ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুল কৰ্তৃপক্ষৰ উদ্যেগত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, আকস্মিক বক্তৃতা, স্মৃতি পৰীক্ষা, চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলী ভৱানীপুৰ চ’কৰ ছহিদ ভৱনতো বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যেগত ভিন্ন কাৰ্যসূচীৰে উদযাপিত হয় ছহিদ দিৱস । বিভিন্ন কাৰ্যসূচীত আছুৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণ কৰে ক্ৰমে বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰেন্দ্ৰ মিশ্ৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অংকুৰ তালুকদাৰে ।

ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ আৱক্ষ মূৰ্তিত মাল্যদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসে । ছহিদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে ভাগৱত পাঠ, নাম প্ৰসংগ কৰে ভৱানীপুৰৰ ভকতবৃন্দই । বিধায়ক ফনীধৰ তালুকদাৰে খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানস্থলী ভৱানীপুৰ চ’কত স্থাপিত খৰ্গেশ্বৰ তালুকদাৰৰ আৱক্ষ মূৰ্তিত আৰু ছহিদ বেদীতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

আনহাতে, ছহিদ খৰ্গেশ্বৰ তালুকদাৰে অধ্যয়ন কৰা দক্ষিণ বিজনী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়, ভৱানীপুৰৰ বিজেপিৰ কাৰ্যালয়ৰ উপৰিও বৃহত্তৰ ভৱানীপুৰ সমষ্টিৰ ভিন্ন স্থানত পৃথকে পৃথকে ছহিদ দিৱস উদযাপন কৰাৰ লগতে ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ উজান বৰবৰীৰ বাসগৃহত ছহিদগৰাকীৰ পৰিয়ালবৰ্গই নাম কীৰ্তন কৰে ।

Exit mobile version