বোকাজানত নিষিদ্ধ হেৰইন আৰু অবৈধ সুৰা জব্দ

WhatsApp Image 2021 12 10 at 12.42.28 PM

এক বিশেষ সূত্ৰৰ পম খেদি আজি খটখটী থানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ লাহৰীজান এলেকাত আৰক্ষীয়ে অভিযান চলাই ১৬৪ গ্ৰাম নিষিদ্ধ হেৰইনসহ এজন লোকক আটক কৰে ৷

আটকাধীন লোকজন লাহৰীজানৰ সাধু ওঝা ৷ উক্ত হেৰইনখিনি ১৩ টা চাবোনৰ বাকছত ভৰাই ৰাখিছিল লোকজনে ৷

এই অভিযানৰ নেতৃত্ব দিছিল বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসসহ খটখটী আৰু বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম আৰু মৃদুল ৰুদ্ৰ পালে ৷

ইপিনে, নিশাৰ ভাগত বোকাজান আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এক বিশেষ খবৰৰ ভিত্তিত তালাচী চলাই এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷ এন.এল.০১এ.ডি.৭১০১ নম্বৰৰ মেঘালয়ৰ পৰা মণিপুৰলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷

আৰক্ষীৰ চকুত ধূলি দিবলৈ ট্ৰাকখনৰ ওপৰ ভাগত চিমেণ্টৰ বস্তাৰ মাজত কৌশলেৰে লুকুৱাই আনিছিল সুৰা ৷ উল্লেখযোগ্য যে সম্প্ৰতি অবৈধ কাৰ্যৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হোৱাৰ বাবেই বিভিন্ন কৌশল অৱলম্বন কৰিছে অপৰাধী চক্ৰই ৷

Exit mobile version