Tiredness : সকলো সময়তে ক্লান্ত অনুভৱ কৰে নেকি ? কাৰ্যক্ষমতা বৃদ্ধি কৰিব কেনেদৰে

180320 workplace stress al 1233

পুৱা কামলৈ যোৱাক লৈ সমস্যা ? শীতৰ পুৱা উঠিব মন নাযায় । কাম কৰিবলৈও মন নাযায় । তেনে সময়তে বিভিন্ন ধৰণৰ ব্যৱস্থা লোৱা হয়, যাতে কামৰ ক্ষমতা বৃদ্ধি পায় । কোনো ধৰণৰ এনার্জি ড্রিংক নোখোৱাকৈয়ে জীৱনশৈলীত কিছু পৰিৱৰ্তন আনক । ইয়াৰ দ্বাৰাই বৃদ্ধি কৰিব পাৰিব কর্মক্ষমতা ।

কোন কোন ক্ষেত্ৰত লক্ষ্য ৰাখিব ?

১) সৰ্বপ্ৰথমে টোপনিৰ যত্ন ল‌ওক । সময় মতে শুব । প্ৰতিদিনে কমকৈ শোলে কাৰ্য ক্ষমতা কমি যায় । সেয়ে নিয়মিত আঠ ঘণ্টা শোৱা প্ৰয়োজন ।

২) কমকৈ চলাফুৰা কৰিলেও কাম কৰা ইচ্ছা কমিব পাৰে । সেয়ে দৈনন্দিন ব্যায়াম কৰা প্ৰয়োজন ।

৩) ধূমপানৰ বাবেও কমিব পাৰে কাৰ্য ক্ষমতা । যদি ধূমপানৰ অভ্যাস আছে, তেনেহ’লে সৰ্বপ্ৰথমে সেইটোৱে নিয়ন্ত্রণ কৰক ।

৪) মদ্যপানৰ অভ্যাসেও কাৰ্যত ক্ষতি কৰে । নিত্য মদ্যপানৰ অভ্যাস থাকিলেও কম কৰিব লাগিব ।

৫) ভাল খাদ্যাভ্যাসো প্ৰয়োজনীয় । শীতকালত নিয়মিত শাক-পাচলি আৰু মাছ-মাংস খালে কাৰ্য ক্ষমতা বৃদ্ধি হয় ।

Exit mobile version