Goa :প্ৰত্যেকগৰাকী গৃহিনীলৈ মাহে পাঁচ হেজাৰ, গোৱাত বিজয়ী হ’লে ‘গৃহলক্ষ্মী’প্ৰকল্পৰ ঘোষণা তৃণমূলৰ

1639215415 mamata

লক্ষ্মীৰ ভাণ্ডাৰৰ পাছত এইবাৰ গৃহলক্ষ্মী কাৰ্ড। কিন্তু পশ্চিম বংগত নহয়, এইয়া গোৱাত হে । গোৱা তৃণমূলৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে, অহা বছৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাজ্যখন শাসনলৈ আহিলে প্ৰতিপৰিয়ালৰ জ্যেষ্ঠ মহিলাৰ বাবে মাহেলি পাঁচ হেজাৰ টকাকৈ দিয়া হ’ব।

গোৱা তৃণমূলৰ তৰফৰ পৰা টুইট কৰি লিখিছে ,’প্রতিটো পৰিয়ালৰ মাহিলী উপাৰ্জন নিশ্চিত কৰিবলৈ তৃণমূল গৃহলক্ষ্মী কাৰ্ড মুকলি কৰিছে। এই আঁচনিয়ে প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাক পোনপটীয়াকৈ পাঁচ হেজাৰ টকা (বছৰে ৬০ হেজাৰ) প্ৰদান কৰিব। ‘

গোৱা তৃণমূলে জনাইছে, গৃহলক্ষ্মী প্ৰকল্পৰ অধীনলৈ গোৱাৰ তিনি লাখ পৰিয়ালক অনা হ’ব। ইয়াৰ বাবে বছৰি ১.৫ ৰ পৰা দুই হেজাৰ কোটি টকা ব্যয় হ’ব। যি দেশৰ ক্ষুদ্রতম (আয়তনৰ হিচাপত) ৰাজ্যৰ বাৰ্ষিক বাজেটৰ এয়া ছয় ৰ পৰা আঠ শতাংশ।

গোৱা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে নৱেম্বৰৰ পৰা ৰাজ্যখনত ‘চৰকাৰ তুমচা দাৰি’ প্ৰকল্প আৰম্ভ কৰিছে।

তৃণমূলে অভিযোগ কৰিছিল যে চৰকাৰী সুবিধাসমূহ পোনপটীয়াকৈ জনসাধাৰণৰ দুৱাৰমুখলৈ প্ৰদান কৰাৰ লক্ষ্যৰে কৰা আঁচনিখন মমতা বেনাৰ্জী চৰকাৰৰ ‘দ্বাৰে চৰকাৰ’ কাৰ্যসূচীৰ এটা প্ৰতিলিপি আছিল।

Exit mobile version