Ankita Lokhande : বিবাহপাশত আবদ্ধ হ’ব সুশান্ত সিঙৰ প্ৰাক্তন প্ৰেমিকা অংকিতা ল’খাণ্ডে

43fgtrp ankita

হাতত মেহেদীৰ ৰং । উজ্জ্বল কাপোৰ । দীঘলীয়া অপেক্ষাৰ পাছত, আজি পবিত্ৰ ৰিষ্টা খ্যাত অভিনেত্ৰী অংকিতা ল’খাণ্ডে আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈন আবদ্ধ হ’ব বিবাহপাশত ।

মুম্বাইত অনুষ্ঠিত হৈছে ৰাজকীয় বিবাহ অনুষ্ঠান । অংকিতাৰ মেহেন্দি অনুষ্ঠান আছিল শনিবাৰে । ইতিমধ্যে অনুষ্ঠানটোৰ কেবাটাও মুহূৰ্তৰ ভিডিঅ’ আৰু ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পৰিয়াল আৰু কিছুমান অতি ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত মেহেন্দিৰ অনুষ্ঠান সম্পন্ন হয় । অংকিতাক প্ৰখ্যাত মেহেন্দি শিল্পী বীণা নাগদাৰে মেহেন্দি লগোৱা দেখা যায় ।

আজি নিশা বিবাহপাশত আবদ্ধ হ’ব অংকিতা ল’খাণ্ডে আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বিকি জৈন । ১২, ১৩ আৰু ১৪ এই তিনিদিনীয়া কাৰ্যসূচীৰে ৰীতি নীতি অনুসৰি বিবাহ অনুষ্ঠিত কৰা হৈছে ।

তাৰ আগতে, বিবাহৰ পূৰ্বৰ বিভিন্ন মুহূৰ্ত সম্পূৰ্ণ হৈছিল। এইটো কাৰো বাবে অজ্ঞাত নহয় যে অংকিতা ল’খাণ্ডে অতি ধৰ্মীয় । বিভিন্ন উৎসৱত তেওঁক পৰম্পৰাগত নিয়ম পালন কৰা দেখা যায় । ফলস্বৰূপে, তেওঁ বিবাহতো কোনো অভাৱ পৰম্পৰা এৰিব নিবিচাৰে।

প্ৰসংগত, এই বছৰৰ আৰম্ভণিৰ পৰাই সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ বিষয়ে চর্চা আৰম্ভ হৈছিল যদিও তেওঁলোকে বিবাহৰ কোনো কথা সদৰী কৰা নাছিল । এইবাৰ অংকিতা ল’খাণ্ডে সকলো জল্পনা-কল্পনাৰ সমাপ্তি ঘটাই আজি অৱশেষত বিয়াত বহে ।

Exit mobile version