Crops In Antarctica : বৰফৰ মহাসাম্রাজ্যত সেউজ বিপ্লৱ, এন্টার্কটিকাৰ কৃত্রিম পথাৰত ফুলকবি, বন্ধাকবি

kpLKpjoXfDZAF5oUXeoVMo 320 80

ধনধান্য পুষ্পৰে ভৰপূৰ এন্টার্কটিকা ! হেজাৰ হেজাৰ শস্যৰ ৰঙেৰে যেন সেউজ হৈ উঠিছে বৰফৰ মহাসাম্রাজ্য !

সম্পূৰ্ণ বৰফেৰে চাদৰেৰে আবৃত্ত এন্টার্কটিকাত উপচি পৰিছে নানা ধৰণৰ শস্য । জলকীয়া, বিলাহী, বিট, টিয়ঁহ, ব্রকলি, ফুলকবি, বন্ধাকবি । নানা ধৰণৰ লেটুছ পাত, মছলাপাত । যেন শস্যৰ বন্যা বৈছে দক্ষিণ মেৰুত বৰফৰ মহা সাম্রাজ্য এন্টার্কটিকাত ।

কোনো কল্পবিজ্ঞানৰ কাহিনী নহয় । নহয় কোনো হলিউডৰ ছায়েন্স ফিকছন ফিল্মৰ । এই শস্য সিঁচা হৈছে এন্টার্কটিকাত, শস্যৰ এটা কৃত্রিম পথাৰত । যি পথাৰত বা ‘গ্রিনহাউচ’ প্ৰস্তুত কৰিছে জার্মান এৰ’স্পেছ চেন্টাৰে (ডিএলআৰ) । বৰফৰ মহাসাম্রাজ্যত প্ৰস্তুত কৰা শস্যৰ এই কৃত্রিম পথাৰৰ নাম— ‘ইডেন আইএছএছ’ ।

শস্যৰ এই কৃত্রিম পথাৰখন বনোৱা হৈছে পূৱ এন্টার্কটিকাৰ পুৰু বৰফৰ চাঙৰ ‘এক্সট্রম আইচ ছেল্ফ’-ৰ ওপৰত জার্মানীৰ গৱেষণা শিবিৰৰ নওমেয়াৰ থ্রি ষ্টেচনৰ কাষত‌ ।

পূৱ এন্টার্কটিকাত শস্যৰ এই কৃত্রিম পথাৰত সূর্যৰ প্রৱেশ একেবাৰে নিষিদ্ধ । অৱশ্যে এন্টার্কটিকাত ছমাহ পৰ্যন্ত সূর্য উদয় নহয় । সূৰ্য উদয় হ’লেও, যাতে পোহৰ সোমাব নোৱাৰে তাৰ বাবে শস্যৰ এই কৃত্রিম পথাৰত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আচৰ্যকৰ পথাৰত নানা ধৰণৰ শস্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় ৰঙা, নীলা, সেউজীয়া নানা ৰঙী কৃত্রিম পোহৰ । যিটো শস্যৰ বাবে যিটো ৰঙৰ প্রয়োজন ।

পূৱ এন্টার্কটিকাৰ এই কৃত্রিম পথাৰত শস্য উৎপাদনৰ বাবে মাটিৰো প্ৰয়োজন নাই ! বৰফৰ মহা সাম্রাজ্যত মাটি পাব কেনেদৰে ? মহাকাশতো যেনে চন্দ্ৰ‌ই হ‌ওক বা ‘ৰঙা গ্রহ’ মংগল অথবা পৃথিৱীৰ অনেক ওপৰৰ কক্ষপথত প্রদক্ষিণ কৰা আন্তর্জাতিক মহাকাশ ষ্টচনে হ‌ওক, শস্য উৎপাদন কৰিবলৈ মাটি পোৱা নাযাব । তৎস্বত্বেও, যাতে সেই জগতত শস্য উৎপাদন কৰিব পৰা যায়, মহাকাশচাৰীসকলে জীৱন নিৰ্বাহ কৰিবৰ বাবে যাতে নিজৰ প্রয়োজন অনুসাৰে এই জগততেই অনায়াসে শস্য উৎপাদন কৰি ল’ব পাৰে, তাৰেই পৰীক্ষা-নিৰীক্ষা কৰিবলৈ এন্টার্কটিকাত শস্যৰ এই কৃত্রিম পথাৰ প্ৰস্তুত কৰিছে ডিএলআৰ-এ ।

সেয়ে এই কৃত্রিম পথাৰত শস্য উৎপাদন কৰা হয় এটা অভিনব পদ্ধতিৰে । বিজ্ঞানৰ পৰিভাষাত যাৰ নাম — ‘এৰ’প’নিক্স’ । যি পদ্ধতিত নানা ধৰণৰ পুষ্টিকৰ খাদ্য উপাদান (‘নিউট্রিয়েন্টছ্’) দ্রৱণীয় স্প্রেৰ জৰিয়তে সোমাই দিয়া হয় বিভিন্ন ধৰণৰ শস্যৰ মূলত ।

ইতিমধ্যে আন্তর্জাতিক মহাকাশ ষ্ট্ৰেছনত এই ধৰণৰ শস্যৰ দুটা কৃত্রিম পথাৰ‌ প্ৰস্তুত কৰা হৈছে । এটাৰ নাম— ‘ভেজি’ আনটো — ‘এডভান্সড প্লেন্ট হেবিটেট’ ।

ইডেন আইএছএছ প্রকল্পৰ প্রধান ডেনিয়েল শ্বুবার্টে জার্মান এৰ’স্পেছ চেন্টাৰে দিয়া বিবৃতিত কয়, ‘‘এন্টার্কটিকাৰ এই কৃত্রিম পথাৰত ইয়াৰ আগতে ইমান ধৰণৰ শস্য বৃহৎ পৰিমাণত উৎপাদন কৰা সম্ভৱ হোৱা নাই । অনাগত দিনত চন্দ্ৰত বা মংগলত মহাকাশচাৰীসকলে যে প্রয়োজনীয় শস্য অনায়াসেই উৎপাদন কৰিব পাৰিব সেই বিষয়ে আমাক আত্মবিশ্বাসী কৰি তুলিলে এন্টার্কটিকাৰ এই কৃত্রিম পথাৰৰ পৰীক্ষা-নিৰীক্ষা‌ই ।’’

Exit mobile version