কোকৰাঝাৰৰ দেৱৰগাওঁস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ “বাটৰ নাট”

WhatsApp Image 2021 12 13 at 2.09.29 PM

“আজাদী কা অটল অমৃত যোজনা”ৰ অধীনত কৰ’না আৰু অ’মিক্ৰণ বিৰোধী জনসজাগতা কাৰ্যসূচীৰ অংশ হিচাপে কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আজিৰে পৰা ঠায়ে ঠায়ে “বাটৰ নাট” প্ৰদৰ্শন কৰা হয় । অসমীয়া আৰু বড়ো উভয় ভাষাত প্ৰদৰ্শিত নাটখনিৰ প্ৰথম প্ৰদর্শনত বৈদেশিক আৰু শিক্ষা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ডঃ ৰাজকুমাৰ ৰঞ্জন সিং, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু অন্যান্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে।

মন্ত্ৰী সিঙকে ধৰি, বিটিচি প্ৰধান আৰু অন্যান্য সদস্যসকলে বিশ্ববিদ্যালয়ৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । বিশ্ববিদ্যালয়ৰ অসমীয়া, বড়ো আৰু ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্র-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা সাত মিনিটৰ নাটখনিত কৰ’নাৰ ভয়াবহতা, ভেকচিন গ্ৰহণৰ অপৰিহাৰ্যতা, অমিক্ৰণৰ আগমন আৰু ল’বলগীয়া আগতীয়া সাৱধানতা আদি বিষয়ত গুৰুত্ব প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনিৰ উদ্যোগত এতিয়াৰে পৰা প্ৰত্যেক সপ্তাহতে অনুষ্ঠিত হ’বলগীয়া ভিন্ন বিষয়ক সজাগতামূলক বাটৰ নাট প্ৰদৰ্শনীৰ এই যাত্ৰা ২০২৩ পৰ্যন্ত অব্যাহত থাকিব বুলি নিৰ্দেশক ডঃ চুমী কলিতা আৰু তত্ত্বাৱধায়ক ডঃ ইন্দিৰা বড়োৱে জানিবলৈ দিয়ে ।

Exit mobile version