কামৰূপৰ কিছমৎ বংশৰত নাৰ্জি ফুলৰ হাঁহিয়ে আনিছে এক নতুন দিগন্ত

কামৰূপ জিলাৰ কৃষি প্ৰধান কিছমৎ বংশৰৰ পথাৰত সম্প্ৰতি নাৰ্জি ফুলৰ হাঁহিয়ে বিৰাজ কৰিছে ৷ মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ কিছমৎ বংশৰৰ একাংশ ৰাইজে নাৰ্জী ফুলৰ খেতি কৰি নৱ প্ৰজন্মক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ ৷

বস্ত্ৰনগৰী শুৱালকুছিৰ দাতিঁকাষৰীয়া এক নং কিছমৎ বংশৰৰ প্ৰায় সংখ্যাক খেতিয়কে বিভিন্ন শস্যৰ উপৰি কৰে ফুলৰ খেতি ৷ যি সময়ত অসমৰ কৃষি পথাৰৰ বিনন্দীয়া সৰিয়হ ফুলি পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷

তেনে সময়তে কিছমৎ বংশৰ অঞ্চলৰ পথাৰ নাৰ্জী ফুলৰ সৌন্দৰ্য্যই যেন এই অঞ্চলৰ প্ৰতি জন লোকৰ খেতি পথাৰ তথা বাৰীখন সৌন্দৰ্য্যবধন কৰি তুলিছে ৷ তাৰে কৃষক সকলে নিজৰ লগতে আন দহটা পৰিয়ালৰ সহায় হোৱাকৈ কৰা এই অঞ্চলৰ ফুল অসমৰ বিভিন্ন স্থানলৈ যোগান ধৰি আহিছে ৷

উল্লেখ্য যে নিতৌ পুৱা গুৱাহাটীৰ পদপথত হয় ফুলৰ বজাৰ খন। দিনটোৰ বাবে লাগতিয়াল সতেজ ফুলবোৰৰ তাতে কিনা-বেচা হয় । বিভিন্ন ঠাইৰ পৰা ফুলৰ ব্যৱসায়ী সকল আহি লগ হয় আৰু তাৰে পৰাই বিভিন্ন স্থানলৈ ফুলসমূহ যোগান ধৰে ৷

পুৱতি নিশা তিনি বজাতে কামৰূপৰ কিছমৎ বংশৰ অঞ্চলৰ ফুলৰ খেতিয়ক সকল সাজু হয় বজাৰ খনলৈ বুলি। বছৰ বছৰ ধৰি প্ৰতিদিনে পুৱতি নিশা কামৰূপৰ কিছমৎ বংশৰৰ পৰা গুৱাহাটীলৈ গৈ ফুলৰ দৰ দামত ব্যস্ত হৈ পৰে এই অঞ্চলৰ প্ৰায় সংখ্যক ফুলৰ খেতিয়ক আৰু যুৱক সকল ৷

এদিন বজাৰলৈ যাব নোৱাৰিলেই যেন মনত দুখ । কিন্তু বছৰ জুৰি একাগ্ৰতাৰে লাগি থকা নিজৰ কামত কোনোপধ্যেই আপোচ নকৰে এই অঞ্চলৰ ফুলৰ খেতিয়ক সকল৷ ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে এই অঞ্চলৰ ৰাইজে ৷ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ এখন ব্যতিক্ৰমী গাওঁ এক নং কিছমৎ বংশৰ ৷

এই গাওঁখনৰ প্ৰতি গৰাকী ব্যক্তিয়েই ফুলৰ খেতিৰ সৈতে নতুবা ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত ৷ প্ৰায় সংখ্যক মালাকাৰ উপাধীৰ লোকৰ বসতিস্থলৰ লোক সকলৰ বাবেই বৰ্তমান বজাৰত ফুলৰ চাহিদা লাহে লাহে বৃদ্ধি পাই আহিছে বুলি কলেও হয়তো বঢ়াই কোৱা নহয় ৷

বিয়া সভা সমিতি , শোভিত কৰিবলৈ ফুলৰ ব্যাপক প্ৰয়োগ হোৱা দেখা যায় ৷ গতিকে এই অঞ্চলৰ ৰাইজে ফুলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা ভাবে ফুলৰ খেতি কৰি এই চাহিদা সমূহ পুৰণ কৰি নিজৰ লগতে অন্যকো স্বাৱলম্বিতাৰ বাট দেখুৱাইছে ৷ এই সন্দৰ্ভত কিছমৎ বংশৰ অঞ্চলৰে এগৰাকী দুখীয়া তথা ফুলৰ খেতিৰে নিজকে স্বাৱলম্বী হৈ পৰিয়াল চলোৱা অমূল্য দাসে কয় যে ,সৰুৰে পৰা বিভিন্ন কৃষিকৰ্মৰ স’তে জড়িত হৈ প্ৰায় পোন্ধৰ বছৰৰ পৰা নাৰ্জী ফুলৰ খেতিৰ স’তে জড়িত হৈ যথেষ্ট লাভান্বিত হোৱা বুলি মন্তব্য কৰে ৷

তেওঁ ২০০৮ চনৰ পৰাই নাৰ্জী ফুলৰ খেতি কৰাৰ লগতে পৰম্পৰাগত ধান, মাহ , সৰিয়হ আৰু পাচলিৰ খেতিও কৰে ৷ পাচলিৰ খেতিৰ বিপৰীতে নাৰ্জি ফুলৰ খেতিৰ ব্যৱসায়েৰে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰায় পোন্ধৰ বছৰ পূৰ্বে দুই কঠা মাটিত নাৰ্জি ফুলৰ খেতিৰে কাম আৰম্ভ কৰা অমূল্য দাসে বৰ্তমান প্ৰায় তিনি বিঘা মাটিত ফুলৰ খেতি কৰি আছে ৷

আনহাতে ,একে অঞ্চলৰ উদীয়মান ফুলৰ খেতিয়ক শংকৰ মালাকাৰে কয় যে , তেওঁ এই বেলি তিনি কঠা মাটিত নাৰ্জী ফুলৰ খেতি কৰিছে আৰু প্ৰতি দিনেই ৰাতিপুৱা ফুল ছিঙি আবেলি সময়ত সেইবোৰ মালা গাঠি পুৱতি নিশাই গাওঁৰে অন্য লোকৰ সৈতে গুৱাহাটীলৈ ফুলবোৰৰ বিক্ৰীৰ বাবে নিয়ে ৷

ফুলৰ চাহিদাৰ সময়ত মাহিলী প্ৰায় বিশ ৰ পৰা ৩০ হেজাৰ টকা পৰ্যন্ত ফুল বিক্ৰী কৰি লাভাম্বিত হোৱা বুলি মন্তব্য কৰে ৷ কৃষক সকলে চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ পৰা সা- সুবিধা পালে অধিক লাভান্বিত হ’ব বুলি মতামত দাঙি ধৰে ৷

Exit mobile version