কোন দেশৰ হাতত আছে বিশ্বৰ সৰ্বাধিক যুদ্ধাস্ত্ৰ ?

পুটিনৰ দাবীত ব্যাপক চাঞ্চল্য আমেৰিকা-চীনত : বিশ্বৰ সৰ্বাধিক যুদ্ধাস্ত্ৰৰ গৰাকী ৰাছিয়া

joe biden with vladimir putin 1611740185

ইউক্ৰেইনক লৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে কৰা এক দাবীয়ে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । পুটিনে শেহতীয়াভাৱে দাবী কৰা অনুসৰি, যুদ্ধাস্ত্ৰৰ ক্ষেত্ৰত ৰাছিয়া হৈছে বিশ্বৰ এক নম্বৰ দেশ ।

ADVERTISEMENT

ইউক্ৰেইনক লৈ আমেৰিকা আৰু পশ্চিম বিশ্বৰ আন কে’বাখনো দেশে ৰাছিয়াক আক্ৰমণৰ ভাবুকি দিয়াৰ সময়তে পুটিনে এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিলে । সৰ্বাধিক পৰিমাণৰ যুদ্ধাস্ত্ৰ ৰাছিয়াৰ হাতত মজুত থাকিলেও পুটিনে প্ৰতিশ্ৰুতি দি কয় যে ৰাছিয়াই পৰমাণু বুজাবুজিৰ ক্ষেত্ৰত আমেৰিকাৰ স’তে পূৰ্বে সম্পন্ন কৰা চুক্তিত এতিয়াও অটল আছে ।

ইউক্ৰেইনৰ স’তে শেহতীয়াভাৱে ৰাছিয়াৰ সংঘাত যথেষ্ট বৃদ্ধি পাইছে । ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰো ভাবুকি দি আহিছে । ৰাছিয়াৰ এনে ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই স্পষ্টভাৱে কৈছে যে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলালে নাটোৰ সদস্য ৰাষ্ট্ৰ হিচাপে ইউক্ৰেইনক আমেৰিকাই মাৰ্কিন সামৰিক সাহায্য প্ৰদান কৰিব ।

ইউক্ৰেইনক লৈ এনে এক উত্তেজনাময় পৰিস্থিতি অব্যাহত থকাৰ সময়তে ৰুছ ৰাষ্ট্ৰপতি পুটিনে অতি কৌশলৰে ঘোষণা কৰি ক’লে যে সাম্প্ৰতিক বিশ্বত ৰাছিয়াৰ হাতত সৰ্বাধিকসংখ্যক পাৰমাণৱিক যুদ্ধাস্ত্ৰ মজুত আছে যদিও দেশখনে পূৰ্বে আমেৰিকাৰ স’তে সম্পন্ন কৰা পাৰমাণৱিক চুক্তি মানি চলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

কূটনৈতিক বিশেষজ্ঞসকলৰ মতে, পুটিনে এইদৰে দৰাচলতে আমেৰিকাসহ পশ্চিম বিশ্বক পৰোক্ষভাৱে পাৰমাণৱিক শক্তিৰ উদ্ধৃতিৰে ধমক দিলে । যুদ্ধাস্ত্ৰ বৃদ্ধিৰ প্ৰতিযোগিতাত আমেৰিকা আৰু চীন ব্যস্ত থকাৰ সময়তে কৌশলৰে পুটিনে দাবী কৰিলে যে পাৰমাণৱিক অস্ত্ৰ আহৰণৰ ক্ষেত্ৰত ৰাছিয়াহে বিশ্বৰ ভিতৰত শীৰ্ষ স্থানত আছে ।

Exit mobile version