ডুবাইত বিশ্বৰ প্ৰথমখন কাগজবিহীন চৰকাৰ ,৩৫ কোটি ডলাৰ হ’ব ৰাহি

media handler

বিশ্বৰ ভিতৰতে প্রথম ‘পেপাৰলেছ’ অর্থাৎ কাগজবিহীন চৰকাৰত পৰিণত হ’ল ডুবাই চৰকাৰ। সংযুক্ত আৰৱ আমিৰশ্বাহিৰ অভিষিক্ত যুৱৰাজ শ্বেখ হমডান বিন মহম্মদ বিন ৰাছিদ অল মকটৌমে এই কথা ঘােষণা কৰি কয় যে এতিয়াৰে পৰা ডুবাই চৰকাৰৰ কাম-কাজত কাগজৰ ব্যৱহাৰ কৰা নহ’ব।

ADVERTISEMENT

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত ৩৫ কোটি মার্কিন ডলাৰ আৰু ১.৪ কোটি শ্রম ঘণ্টাৰ ৰাহি হ’ব। ডুবাই চৰকাৰৰ সকলাে কাম-কাজ এতিয়াৰে পৰা এশ শতাংশ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হ’ব বুলি মকটৌমে জানিবলৈ দিয়ে।

ডুবাই চৰকাৰৰ মুঠ ৪৫টা বিভাগৰ কাগজৰ নথিপত্ৰৰ পৰিৱর্তে ডিজিটেল নথিপত্র ব্যৱহাৰ কৰা হ’ব।

Exit mobile version