‘ থ্ৰী পেৰেণ্ট’ পদ্ধতিৰে জন্ম লাভ বিশ্বৰ প্ৰথমটো শিশুৰ : ডিজাইনাৰ বেবী’ক লৈ বিতৰ্ক

ব্ৰিটেইনত দুগৰাকী মাতৃৰ ডিম্বাণু আৰু এজন পিতৃৰ শুক্ৰাণুৰ জৰিয়তে ‘থ্ৰী পেৰেণ্ট ‘ (তিনি অভিভাৱক) পদ্ধতিৰে জন্ম লাভ কৰিলে প্রথমটো ‘ডিজাইনাৰ বেবী’য়ে ।

ADVERTISEMENT

গৱেষকৰ মতে, নিসন্তান দম্পতীৰ বাবে কৃত্ৰিম গৰ্ভধাৰণ ( আই ভি এফ) ৰ পাছত চিকিৎসা জগতত এইবাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ এক সফলতা অর্জন কৰা হ’ল ‘থ্ৰী পেৰেণ্ট’পদ্ধতিৰে ।

এই পদ্ধতিৰে নৱজাত শিশুৰ বংশানুগত ৰোগ নিৰ্মূল কৰিবলৈ চিকিৎসকে মাতৃৰ ডিম্বাণুৰ নিউক্লিয়াছৰ পৰা ৰুগীয়া সূত্ৰ কণিকা আঁতৰ কৰা হয়।

ইয়াৰ পাছত দাতা মাতৃৰ ডিম্বাণু খালি কৰি স্বাস্থ্যবান সূত্ৰকণিকা সংগ্ৰহ কৰি পিতৃৰ শুক্ৰাণুৰ ডিম্বাণু খালি কৰি স্বাস্থ্যবান সূত্ৰকণিকা সংগ্ৰহ কৰি পিতৃৰ শুক্ৰাণুৰ স’তে নিষিক্ত কৰা হয় ।এইদৰে ‘থ্ৰী পেৰেন্ট’পদ্ধতিৰে নৱজাতকৰ মাতৃৰ পৰা হ’ব ৰা বংশানুগত ৰোগৰ শংকা নোহোৱা কৰিব পাৰি।

‘থ্ৰী পেৰেন্ট’পদ্ধতিক চিকিৎসসকলে সূত্ৰকণিকা দানৰ জৰিয়তে জন্ম লাভ কৰা নৱজাতক বুলি কয় । মাতৃৰ কোষত নিষিক্ত হোৱা ডিম্বাণুত শিশুৰ প্ৰকৃত পিতৃ-মাতৃৰ ডি এন এ নিহিত থাকে । অৰ্থাৎ ‘থ্ৰী পেৰেণ্ট ‘ৰ ‘ডিজাইনাৰ বেবী’ হ’লেও এনে শিশুৰ জৈবিক পিতৃ -মাতৃ দুজন।

এই পদ্ধতিৰে কেৱল মাতৃৰ ৰােগাক্রান্ত জিনৰ পৰা সূত্ৰকণিকা আঁতৰ কৰা হয়। এই সম্পূর্ণ প্রক্রিয়া ভ্ৰূণৰ বিকাশৰ প্ৰথমিক অৱস্থাতে সম্পন্ন কৰা হয়। ব্রিটেইনুত চিকিৎসকে প্রথমটো মানৱ ‘ডিজাইনাৰ বেবী’ জন্মৰ পাছত বিতর্কৰ সৃষ্টি হৈছে। চিকিৎসকে প্রকৃতিৰ স’তে খেলা কৰা বুলিও অনেকে সমালােচনা কৰি ‘ডিজাইনাৰ বেবী’ পদ্ধতিৰ বিৰোধিতা কৰিছে ।

Exit mobile version