ন বছৰে নিৰুদ্দেশ শালবাৰীৰ গোঁসাইভিঠা কাটাঝাৰৰ নাজিৰ দাস

ঘৰলৈ উভতি অহাৰ আশাৰে বাট চাই আছে পত্নী-পুত্ৰ-বোৱাৰীয়ে

WhatsApp Image 2021 12 14 at 7.17.07 PM

বিগত ন টা বছৰে নিৰুদ্দেশ হৈ আছে বাগসাৰ শালবাৰীৰ ৰূপহীৰ সমীপৰ কাটাঝাৰ গোঁসাইভিঠাৰ নাজিৰ দাস নামৰ লোকজন ৷ ৪৫ ঊৰ্ধ্বৰ লোকজন ঘৰলৈ উভতি অহাৰ আশাৰে আজি ন বছৰে বাট চাই আছে নাজিৰ দাসৰ পত্নী, পুত্ৰ, বোৱাৰী, নাতিৰ লগতে আত্মীয় স্বজনে ৷

পৰিয়ালৰ লোকে জানিব দিয়া মতে, ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী নাজিৰ দাস ধাৰ্মিক আছিল ৷ নিজ ঘৰতেই তেওঁ এটা মন্দিৰো স্থাপন কৰিছিল ৷ ইপিনে, তেওঁৰ গৰু ম’হৰ বাথানো আছিল ৷ কিন্তু আজিৰ পৰা প্ৰায় ন বছৰ পূৰ্বে এদিন আকস্মিকভাৱে ঘৰৰ পৰা চুবুৰীয়া কুমগুৰি গাঁৱলৈ যাব বুলি পৰিয়ালৰ লোকক অৱগত কৰি থৈ গৈছিল ৷ ঘৰৰ পৰা যোৱাৰ সময়ত তেওঁ ক’লা ৰঙৰ পেণ্ট আৰু খয়ৰ ৰঙৰ চাৰ্ট পিন্ধি চাইকেল লৈ ওলাই গৈছিল যদিও আজি ন বছৰে তেওঁ আৰু উভতি নাহিলে ৷ পৰিয়ালৰ লোকে তেতিয়াৰ পৰাই বহু বিচাৰ-খোচাৰ কৰিছিল যদিও আজিকোপতি কিন্তু তেওঁক বিচাৰি পাবলৈ সক্ষম নহ’ল ৷

পৰিয়ালৰ লোকে শেষত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে নাজিৰ দাসৰ সম্ভেদ লাভ কৰিব পাৰিব বুলি বহু আশাৰে বাট চাই আছে ৷ কোনো সদাশয় লোকে নাজিৰৰ কিবা সম্ভেদ পালে পৰিয়ালৰ ৬০০২৭০১৫৯৭ ফোন নম্বৰত যোগাযোগ কৰাৰ উপৰিও স্থানীয় আৰক্ষী থানাত খবৰ দিবলৈ বিনম্ৰ আহ্বান জনাইছে ।

Exit mobile version