৭৭ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ২০ বছৰীয়া যুৱতী,

অচিৰে কৰাব বিবাহাে

20 year old girls heart fell on 77 year old

প্রেমে বয়স নামানে। নামানে জাত-পাত। সেয়েহে যিকোনাে সময়তে মানুহে কাৰােবাৰ প্ৰেমত পৰে। সম্প্রতি এনে এক ঘটনাই সামাজিক মাধ্যমত সৰস চর্চা লাভ কৰিছে। ২০ বছৰীয়া এগৰাকী তৰুণী প্ৰেমত পৰিল এজন ৭৭ বছৰীয়া বৃদ্ধৰ। এই বৃদ্ধৰ প্ৰেমত যুৱতীগৰাকী ইমানে বলিয়া যে আন কাৰােবাৰ স’তে বিবাহৰ কথা কল্পনাও কৰিব নােৱাৰে।

‘বৃদ্ধস্য তৰুণী ভার্যা’ বুলি কটাক্ষ কৰিলেও আপত্তি নাই যুৱতীৰ। এই প্রেম কাহিনী ৰচিছে ৭৭ বছৰীয়া পেঞ্চন ভােগী ডেভিদ আৰু কলেজীয়া ছাত্রী জ’য়ে।

বিগত ১৮ মাহ ধৰি উভয়ৰ প্ৰেমত মগন হৈ আছে ডেভিদ আৰু জ’ই। এইবাৰ এই প্রেমক বিবাহৰ স্বীকৃতি দিব বিচাৰিছে। ডেভিদ আৰু জ’য়ে।

অৱশ্যে আপুনি জানি আচৰিত হ’ব যে এই প্রেমিক যুগলে এতিয়ালৈকে এবাৰাে পৰম্পৰক লগ বা সাক্ষাৎ কৰি পােৱা নাই। কিয়নাে গীতিকাৰ ডেভিদ থাকে ইংলণ্ডত আৰু অধ্যয়নৰত প্রেমিকা জ’ থাকে ইংলণ্ডৰ পৰা ৫০০০ মাইল দূৰত্বৰ ম্যানমাৰত।

নানা ঘটনাৰে প্ৰায়ে উত্তপ্ত হৈ আহিছে ম্যানমাৰ। সেয়েহে ইচ্ছা কৰিলেও ডেভিদে প্রেমিকাক লগ কৰিবলৈ ম্যানমাৰলৈ যাব নােৱাৰে। অৱশ্যে এনে দূৰত্বয়াে দুয়ােৰে প্ৰেমত বাধা দিব পৰা নাই।

ভিডিঅ’ কলৰ জৰিয়তে দুয়ােৰে ঘনিষ্ঠতা ক্রমে বৃদ্ধি পাবলৈ ধৰিছে। তেন্তে কেনেকৈ দুয়ােজনৰ মাজত গঢ় লৈ উঠিল প্ৰেমৰ সম্পর্ক? দৰাচলতে ডেৰ বছৰ পূর্বে এটা ডেটিং ছাইটিৰ জৰিয়তে ডেভিদ আৰু জ’ৰ পৰিচয় হৈছিল।

মূলতঃ অধ্যয়নৰ বাবে আর্থিক সাহায্যৰ সন্ধানত জ’ই ডেটিং ছাইটত ভুমুকি মাৰিছিল। সেই সময়তে ডেভিদৰ স’তে প্রথম বার্তা-লাপ হৈছিল জ’ৰ ।

কিন্তু সেই সময়ত ডেভিদে কল্পনাও কৰা নাছিল যে তেওঁ ২০ বছৰীয়া যুৱতীয় প্ৰেমত পৰিব। ডেভিদৰ স’তে কথা পাতি জ’ৰ বৰ ভাল লাগিল আৰু দুয়োয়ে প্রায়ে ডেটিং ছাইটত এইদৰে সময় অতিবাহিত কৰিবলৈ ধৰিলে ।

এইদৰেই গঢ়ি উঠিল বুদ্ধ -তৰুণীৰ প্ৰেমৰ সম্পর্ক। জ’য়ে প্রকাশ কৰা অনুসৰি ম্যানমাৰৰ পৰা ব্রিটেইনলৈ যাবলৈ তেওঁ ভিছাৰ বাৰে আবেদন কৰিছে। পাৰপত্ৰ আৰু ভিছা সাজু হােৱাৰ পাছতে ব্রিটেইনত থকা প্ৰেমিকৰ স’তে বিবাহৰ বাৰে উৰা মাৰিব জ’ই। পৰিয়াল আৰু সমাজৰ কটুক্তি অপেক্ষা কৰি নতুন জীৱন আৰম্ভ কৰিব বিচাৰে ডেভিদ আৰু জ’য়ে।

Exit mobile version