Sadhvi Saraswati : স্মার্ট ফোনত অৰ্থ ব্যয় নকৰি তৰোৱাল কিনক ! গৰু ৰক্ষাৰ বাবে বিতর্কিত পৰামৰ্শ ভিএইচপি নেত্রীৰ

1639471289 sadvi swaraswati

এইবাৰ গৰু ৰক্ষা কৰিবৰ বাবে তৰোৱাল কিনাৰ উপায় দিলে বিশ্ব হিন্দু পৰিষদ (ভিএইচপি) নেত্রীয়ে । মঙলবাৰে ভিএইচপি আয়োজিত এক অনুষ্ঠানত সংগঠনৰ নেত্রী সাধ্বী সৰস্বতীয়ে কয়, ‘‘স্মার্টফোন ইত্যাদিৰ ওপৰত টকা ব্যয় নকৰি সকলোৱে একোটাকৈ তৰোৱাল কিনক । তেতিয়া গৰুৰ বংশ ৰক্ষা পৰিব । নিজৰ পৰিয়ালো শত্রুৰ পৰা ৰক্ষা পৰিব ।’’

গো-ৰক্ষা সন্দৰ্ভত বিজেপি আৰু হিন্দুত্ববাদী সংগঠনসমূহৰ মূৰৰ কামোৰণি নতুন নহয় । এইবাৰ গৰু ৰক্ষা কৰিবলৈ অস্ত্র ধৰাৰ পৰামৰ্শ দিলে ভিএইচপি নেত্রী সাধ্বী সৰস্বতীয়ে । মঙলবাৰে উদুপি জিলাত এটা অনুষ্ঠানত তেওঁ কয়, ‘‘যিসকলে স্মার্টফোন কিনিবৰ বাবে লাখ লাখ টকা নষ্ট কৰিছে, তেওঁলোকে গৰু ৰক্ষাৰ বাবে অনায়াসে অস্ত্র কিনি ঘৰচ ৰাখিব পাৰে । ইয়াৰ দ্বাৰা আমাৰ ‘গো মাতা’-ক কচাইখানাত যোৱাৰ পৰা ৰখাব পাৰিব ।’’

কর্ণাটকৰ উদুপি জিলাত ভিএইচপি-ৰ অনুষ্ঠানত সৰস্বতীয়ে আৰু দাবী কৰে, তেওঁৰ জন্ম গো-শালাত হৈছে । তেওঁৰ কর্তব্য গৰুক কচাইখানাত যোৱাৰ পৰা ৰক্ষা কৰা । তেওঁ কয়, ‘‘যিদিনাখন মোৰ জন্ম হয়, সেইদিনাৰ পৰাই মোৰ জীৱনৰ দুটা উদ্দেশ্য । প্রথমটো, ভগৱান ৰামৰ মন্দিৰ নির্মাণ আৰু ভাৰতত গৰু হত্যা বন্ধ কৰা ।’’ সেয়ে তেওঁ নিজৰ ভাষণত মানুহক তৰোৱাল কিনাৰ পৰামর্শ দিছে । যদিও গো-ৰক্ষাৰ বাবে হাতে হাতে অস্ত্র-শস্ত্র ৰখা কিমান আইনসন্মত তাক লৈ প্রশ্ন উত্থাপন হৈছে ।

Exit mobile version