অৰুণাচলী সুমথিৰাৰে ভৰি পৰিছে লখিমপুৰৰ বজাৰ 

Screenshot 264

লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ বজাৰসমূহত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সুমথিৰা টেঙাৰে ভৰি পাইছে । অৰুণাচলৰ আলং, পাছিঘাট, ডাপৰিঅ’ আদি অঞ্চলৰ পৰা অহা ৰসাল সুমথিৰা টেঙাই গ্ৰাহকক ‘মোক খা, মোক খা’ কৰি বজাৰ আৰু বিক্রেতাৰ পাচি -খৰাহী শুৱনি কৰি তুলিছে ।

তদুপৰি অৰুণাচলৰ বিভিন্ন ঠাইৰ পৰা উপৰি তিনিচুকীয়াৰ পৰা অহা সুমথিৰা টেঙা উত্তৰ লখিমপুৰ নগৰৰ উপৰি ওচৰ-পাজৰৰ অঞ্চলৰ সপ্তাহিক পষেকীয়া বজাৰসমূহতো উপলব্ধ হোৱা দেখা গৈছে।

সৰু-বৰ,মধ্যমীয়া আকাৰৰ কমলা টেঙাৰ সম্ভাৰে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।একাধিক ক্রেতা -বিক্রেতাৰ ভাষ্য অনুসৰি অৰুণাচলৰ আলঙৰ সুমথিৰা টেঙাৰ চাহিদা বৰ্তমান সৰ্বাধিক।

প্ৰতিকিলোঁ ৬০ টকা দৰত সুমথিৰা টেঙা গ্ৰাহকে নিঃসংকোচে ক্ৰয় কৰিছে।শীতকালত আন ফল-মূলতকৈ সুমথিৰা টেঙাৰ চাহিদা তথা সমাদৰ সৰ্বাধিক ।

অতি সহজতে যিকোনো স্থানত বখলিয়াই খাব পৰা ‘চি’ ভিটামিন যুক্ত ফলবিধ সকলোৰে বৰ প্ৰিয়।হাতৰ মুঠিতে দুই তিনিটা ল’ব পৰা কম ওজনৰ অতি সহজলভ্য সুন্দৰ ৰঙৰ কমলা টেঙা গ্ৰাহকৰ অন্য এক কৌতূহপূৰ্ণ তথা আকৰ্ষণীয় বুলি আজি কেবাগৰাকীৰ গ্ৰাহকৰ মুখত শুনিবলৈ পোৱা গ’ল।

উল্লেখযোগ্য যে সম্পতি বজাৰত ওলোৱা ৰসযুক্ত সুমথিৰা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত বজাৰলৈ আহে আৰু ইয়াৰ চাহিদা আগন্তুক ইংৰাজী নৱবৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে আহি থাকিব বুলি জানিব পৰা গৈছে ।

Exit mobile version