ওদালগুৰিত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত স্বৰ্ণিম বিজয় দিৱস উদযাপন

c2463e7c b23a 438b 80da 9f5576371a76

সমগ্ৰ দেশৰ লগতে কাইলৈ ১৬ ডিচেম্বৰৰ দিনটোত ওদালগুৰিতো সীমান্ত চেতনা মঞ্চৰ উদ্যোগত স্বৰ্ণিম বিজয় দিৱস উদযাপন কৰা হব। ১৯৭১ চনৰ পাক-ভাৰত যুদ্ধত ভাৰতীয় সেনাৰ বিজয়ীৰ গৌৰৱোজ্জল ৫০ তম বৰ্ষপুৰ্তি উপলক্ষে ১৬ ডিচেম্বৰৰ দিনটোত এই স্বৰ্ণিম বিজয় বৰ্ষ পালিত।

এই দিৱসৰ স’তে সংগতি ৰাখি পাক-ভাৰত যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱনসকলক সোৱৰি আজি সন্ধিয়া ওদালগুৰি চহৰৰ ভিন্ন প্ৰান্তত বন্তি প্ৰজ্বলন কৰাৰ লগতে স্থানীয় শ্বহীত বেদী বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীনে। অনুষ্ঠানত ভাৰত মাতাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰে ভাৰত-পাক যুদ্ধৰ সংগ্ৰামী জিবি চেত্ৰীয়ে।

দিৱসৰ স’তে সংগতি ৰাখি আজি সমগ্ৰ ওদালগুৰি চহৰখনতে চাৰি হাজাৰ বন্তি প্ৰজ্বলনৰ লগতে প্ৰতিঘৰ লোকৰ পদুলিতে দুগচিকৈ বন্তি প্ৰজ্জলনৰ দ্বাৰা শ্বহীদৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰদান তথা দেশৰ সুৰক্ষাৰ কাৰ্যত নিয়োজিত জোৱানসকলক আৰু অধিক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ কেন্দ্ৰীয় উপ-সভাপতি মেনন মোছাহাৰী, ওদালগুৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰভাৰী পুষ্পধৰ শৰ্মা বাচতোলা, জিলা বিশ্ব হিন্দু পৰিষদৰ সম্পাদক নৃপেন শৰ্মা, জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীৰ লগতে বিভিন্নজনে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ অন্তত উপস্থিত সকলোৱে ভাৰত মাতা কী জয় শ্লোগান প্ৰদান কৰে।

Exit mobile version