দেশত ১২ বছৰৰ শীৰ্ষত মূল্যবৃদ্ধি, নৱেম্বৰত ১৪.২৩ শতাংশলৈ হ’ল বৃদ্ধি

Vegetables

যােৱা নৱেম্বৰত ভাৰতত পাইকাৰী মূল্যবৃদ্ধি ১৪.২৩ শতাংশলৈ বৃদ্ধি পালে। ইয়াৰ পূর্বে অক্টোবৰত দেশত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ আছিল ১২.৫৪ শতাংশ।

ছেপ্টেম্বৰত পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ আছিল ১০.৬ শতাংশ।ইফালে, সোমবাৰে প্রকাশ পােৱা খুচুৰা মূল্যবৃদ্ধিৰ পৰিসংখ্যা অনুসৰি নৱেম্বৰত দেশৰ খুচুৰা বজাৰত মূল্যবৃদ্ধিৰ হাৰ আছিল ৪.৯১ শতাংশ।

অক্টোবৰত ভাৰতত খুচুৰা মূল্যবৃদ্ধিৰ হাৰ আছিল ৪.৪৮ শতাংশ। প্রকাশিত বাতৰি অনুসৰি, ভাৰতত খুচুৰা মূল্যবৃদ্ধিয়ে ১২ বছৰৰ অভিলেখ ভংগ কৰি শীৰ্ষত আৰােহণ কৰিলে।

ইন্ধন আৰু বিজুলীৰ মূল্যবৃদ্ধিৰ ফলত দেশত পাইকাৰী বজাৰত মূল্যবৃদ্ধি হৈছে।

Exit mobile version