পৰ্যটন ক্ষেত্ৰলৈ অশনি সংকেত,ভৰ সময়তো উকা হৈ পৰি আছে বাগছা ৰ গ্ৰাছলেণ্ড- বগামাটি পৰ্যটন ক্ষেত্ৰ

চুবুৰীয়া ৰাষ্ট্ৰ ভুটানৰ শৈলজ পাহাৰ, তাৰপৰা খৰস্ৰোতাৰে বৈ অহা বৰনদী আৰু হাতী, নানাবিধ চৰাইৰ কলৰৱৰ সেউজ সংগমভূমি বাগছা জিলাৰ বগা মাটি।

গুৱাহাটীৰ পৰা বাইহাতা চাৰিআলি- গোৰেশ্বৰ হৈ ৫০-৫৫ কি: মি : দূৰত্বৰ বগামাটিকেন্দ্ৰিক ১০-১২ কি ব্যাসাৰ্ধৰ এই প্ৰাকৃতিক সৌন্দৰ্যভূমি কিছু বছৰ আগলৈ কেৱল ঘন জংগল আৰু একাংশ চৰমপন্থী বিপ্লৱী গোটৰ বিচৰণস্থলী আছিল যদিও কেইটামান স্বেচ্ছাসেৱী সংগঠন আৰু কেইজনমান এডভেঞ্চাৰ প্ৰেমিক যুৱকৰ তৎপৰতাত অঞ্চলটো আকৰ্ষণীয় পৰ্যটনস্থলীলৈ উন্নীত হয়।

অক্টোবৰ মাহৰ প্ৰথম ভাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকেৰে ভৰি পৰে এই ঠাই। ৰাফটিং, ট্ৰেকিং, বটিং, ৰক ক্লাইম্বিঙ আদিৰে পৰ্যটকসকলে এই অঞ্চলত প্ৰকৃতিৰ লগত সময় কটায়।

কিছুমানে নিজৰাৰ কুলু কুলু চন্দময় ধ্বনি, চৰাই- চিৰিকটি ৰ কাকলি, হাতী- বনৰীয়া জন্তুৰ মাত আদিৰে সংমিশ্ৰিত নিশাৰ নির্জনতা ফালি অহা শব্দত প্ৰকৃতিৰ নৈ: সৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ ইয়াতে নিশাটো কটায়।

অঞ্চলটোৰ এনে প্ৰাকৃতিক পৰিৱেশ আৰু এডভেঞ্চাৰ মূলক ক্ৰিয়া-কলাপ, ৰাস্তাঘাত এতিয়াও অক্ষত আছে। আনকি পূৰ্বৰ তুলনাত নতুন নতুন সা- সুবিধাৰ সংযোজনো ঘটিছে।

কিন্তু ইয়াৰ বিপৰীতে লক্ষণীয় ভাৱে হ্ৰাস ঘটিছে পৰ্যটকৰ আগমন। ডিচেম্বৰ মাহ মানে পৰ্যটক সকলৰ বাবে ভৰ সময়। এনে সময়তো এইবাৰ পৰ্যটক নাই বগামাটি আৰু ইয়াৰ ওচৰ পাজৰৰ পৰ্যটনস্থলীত।

পৰ্যটনস্থলীৰ গ্ৰাছলেণ্ডৰ আৱিষ্কাৰক পংকজ বড়োৱে প্ৰকাশ কৰা মতে কৰ’নাকালীন পৰিস্থিতিৰ বাবে চৰকাৰে এই আঞ্চললৈ আৰু পৰ্যটন বন্ধ ৰখা সত্বেও অক্টোবৰ মাহৰ পৰাই পৰ্যটকৰ ব্যাপক সমাগম ঘটিছিল।

পুলিচ- প্ৰশাসনে খেদি পঠিয়াব লগা হৈছিল পৰিবেশ। কিন্তু এনে নিষেধ আঁতৰাৰ পাছতহে হ্ৰাস হবলৈ ধৰে পৰ্যটকৰ আগমন। এতিয়াতো প্ৰায় শূন্য হৈ পৰি আছে গোটেই অঞ্চল।

নিশা তম্বুত কটোৱা পৰ্যটকৰ কথা বাদেই দিনৰ ভাগতে কুৰিজন পৰ্যটকৰো সমাগম নঘটে। ” ইয়াৰ ৰহস্য কি সেয়া চিন্তনীয়। লক্ষণীয় যে এনে অৱস্থাৰ বিপৰীতে পূৰ্বে অঞ্চল টোত এনে সময়ত দৈনিক কমেও দহ হাজাৰ পৰ্যটকৰ সমাগম ঘটিছিল।

Exit mobile version